কবিতা ১৫১/ সূৰ্য্য হেনো নামি আহে এই নদীয়েদি

কাব্যঋষি নীলমণি ফুকনৰ মহাপ্ৰয়াণ...বিগত সময়ছোৱাত অসমীয়াই বহু সমল ব্যক্তিক হেৰুৱালে । আইৰ উদং চাদৰৰ দৰে উকা হৈ পৰিছিল অসমীয়া সমাজ । তাৰ মাজতেই সকলোকে কন্দুৱাই আন এটা সূৰ্য্য নামি আহিল এই নদীয়েদি । যি নদীৰ বুকুত আমি হেৰুৱাইছিলো ড০ ভূপেন হাজৰিকা, হীৰেন ভট্টাচাৰ্য, নীল পৱন বৰুৱা আৰু বশিষ্ঠ দেৱ শৰ্মাক । সেই নদীতেই আজি অস্ত গ'ল নীলমণি ফুকন নামৰ কোমল অথচ উমাল ৰ'দজাক...
কবিতা ১৫১/ সূৰ্য্য হেনো নামি আহে এই নদীয়েদি

নীলমণি ফুকন

ৰাতি হ’লে
সূৰ্য্য হেনো
নামি আহে
এই নদীয়েদি।

ৰক্তক্ষৰা ভূজিঙ্গনীৰ দৰে এই নদীৰ
নাম ক’ত আছে
একো কথা ভূগোলত নাই
হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ
আজিলকে’ একো নাম নাই।

মাজনিশা সাৰ পালে
উঠি আহি চাবা দূৰণিলে
এটি অতিকায় দীঘলীয়া সপোনৰ
মকৰাৰ দৰে এটি চকু, সেউজীয়া
মৰা এটা মাছৰ পিঠিত উঠি
কেনেকৈ এই নদীয়েদি উটি উটি যায়।

দূৰৰ পৰা দেখিবা কিদৰে
নদীৰ পানীত
এটি দুটিকৈ
সৰে
সুৰাৰঙী তৰাবোৰ
ঠিক যেন পকা পকা আঙুৰৰ
দৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in