কবিতা/২৯ এজন আধুনিক ৰজা

কবিতা/২৯ এজন আধুনিক ৰজা

author-image
asomiyapratidin
New Update
কবিতা/২৯  এজন আধুনিক ৰজা

সংঘামিত্ৰা হাজৰিকা

এখন ৰাজ্যত এজন ৰজা আছিল

ৰজাই বৰ ধুনীয়াকৈ কথা ক'ব জানিছিল

ৰজাই পিন্ধা ধুনীয়া চোলাটো

প্ৰজাৰ তেজ-পানীৰে সী লৈছিল

এদিন ৰজাৰ কাষলৈ প্ৰজা আহিল

ৰজাৰ হাতত আছিল এটা মায়াবী ৰিম'ট

ৰজাই ৰিম'টৰ এটা চুইচ টিপিলে

প্ৰজাবোৰে কি কব আহিছিল পাহৰিলে

ৰজাই চুইচ টিপাৰ লগে লগে প্ৰজাবোৰে জয়ধ্বনি দি নাচিলে

আকৌ এদিন প্ৰজা কাষ চাপিল ৰজাৰ

কি হৈছে ৰজাক কোৱাৰ আগতেই

ৰজাই ৰি'মটৰ আনটো বুটাম টিপিলে

মানুহবোৰ চকু লেঞ্চ হৈ পৰিল একোখন ৰঙীন চশমা

ৰজাই শুধিলে কি দেখিছা

প্ৰজাই চিঞৰিলে সকলোতে সুখেই সুখ

চৌদিশে নদন-বদন

ৰজাৰ বৰ স্ফূৰ্তি

ৰজাৰ কথাই প্ৰজাৰ বাবে আইন

ৰজাৰ কাষৰ পৰা মানুহবোৰ আঁতৰি আহোতে

ৰিম'টৰ মায়াবী চশমা চকুৰ পৰা আঁতৰিল

প্ৰজাবোৰে আকৌ বহু প্ৰশ্ন লৈ

ৰজাৰ কাষ চাপিল

কি কৰিছে ৰজাই

ৰজাক জবাবদিহী কৰিবলৈ

প্ৰজা গৈছিল ৰাজ দৰবাৰলৈ

ৰজাৰ হাতত তেতিয়াও আছিল সেই মায়াবী ৰিম'ট

প্ৰজাবোৰে ৰজাৰ গুণানুকীৰ্তন কৰি উভতিল

ৰজাৰ মুখত সৰস্বতী

ৰজাৰ হাঁহিত সঞ্জীৱণী

ৰজাৰ কাষলৈ গ'লেই প্ৰজাবোৰ হৈ পৰে

ভাল দিনৰ নিচা লগা মায়াবী মানুহ

ৰজাই ভাৱে সকলো দিছে প্ৰজাক

ফুৰিবলৈ বাইক, ফ্ৰী চাউল

আনকি বিনা পৰিশ্ৰমত ধন

আঁচনিৰেই আঁচনি ঘোষণা কৰে ৰজাই

সময়ত ৰজাৰ কাষলৈ প্ৰজাবোৰো যায়

দুখী প্ৰজাবোৰ সুখী হৈ ঘূৰি আহে প্ৰায়েই

সেইবাৰ ৰজাৰ কাষলৈ প্ৰজাবোৰ যাঁওতে

ৰজাই পুনৰ বুটাম টিপিলে

অভিযোগ দিবলৈ অহা মানুহবোৰক সুধিলে

কি হৈছে, কি দেখিছে ৰাজ্যত

প্ৰজাবোৰে উত্তৰ দিলে- চৌদিশে অন্ধকাৰ

মানুহৰ মাজত হাহাকাৰ

ৰজাই আকৌ ৰিম'টৰ বুটাম টিপিলে

ৰিম'টে কিন্তু কাম নিদিলে

ৰজা আচৰিত হ'ল

মানুহবোৰৰৰ আক্ষেপ বাঢ়ি গ'ল

হাতত থকা ৰিমটটোৰ বুটাম ৰজাই টিপি থাকিল

কাষত থকা সহচৰ এজনে ৰজাক মনত পেলাই দিলে-

বছৰ উকলি গ'ল, ৰিমটৰ বেটাৰীৰ লাইফ টাইম শেষ হ'ল

assam poem poet