কবিতা ৯৯/ স্বৰ্ণজ্যোতি

মানৱতাৰ দুৰন্ত প্ৰেমিক, সুধাকন্ঠৰ স্মৃতি দিৱসৰ শ্ৰদ্ধাৰ্ঘ...

author-image
Asomiya Pratidin
New Update
কবিতা ৯৯/ স্বৰ্ণজ্যোতি

- ৰুমী শৰ্মা বৰঠাকুৰ

Advertisment

নি:স্ব মানৱৰ

তুমি দূৰন্ত প্ৰেৰণা

গভীৰ আস্থাৰ গান

নাঙলৰ সৃষ্টিৰে কৃষ্টি গঢ়িবলৈ

তোমাৰ উদ্বাত্ত আহ্বান

আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰৱাহমান

হে মহান !

তোমাৰ চিৰযুগমীয়া গান

মানুহৰ গান গোৱা

জ্বলন্ত কন্ঠ তুমি

বহ্নিশিখা হৈ উজ্বলিলা

দহনতো স্বৰ্ণজ্যোতি হৈ

পোহৰালা সসাগৰা পৃথিৱী

শোকাৰ্ত্ত জনতাৰ

তপত অশ্ৰু তুমি

মৌসৰা গীতেৰে মছিলা

সমাধিৰ দুৱাৰ দলিত

ইতিহাস ৰচি গ'লা ।

assamese poem bhupen hazarika