কবিতা ৯০/ মনে মনে থাকা- ময়ো মনে মনে থাকিম

author-image
Asomiya Pratidin
New Update
কবিতা ৯০/ মনে মনে থাকা- ময়ো মনে মনে থাকিম

- প্ৰণৱ কুমাৰ বৰ্মন

Advertisment

আৰু একো এটাকে নকও ।

তুমি মনে মনে থাকা- দেশ জ্বলি যাওক ।

হৃদয় জ্বলি যাওক ।

সকলো হওক একোটা শৱদেহ ।

ময়ো আৰু একো এটাকে নকও ।

মোৰ বুকুত বিস্ফোৰিত হওক

হৃদয় হওক হিৰোশ্চিমা-নাগাচাকিৰ

সকলো শিশু পংগু হওক ।

মনে মনে থাকা । 

তুমি যুদ্ধ এৰি প্ৰেমলৈ আহিবা নে

প্ৰেম এৰি যুদ্ধলৈ যাবা ?

মই ক'লৈ যাম-তোমাৰ ওচৰতে

শুম এখন্তেক- শৰীৰৰ সকলো আগ্নেয়াস্ত্ৰৰ

আঘাত সামৰি ।

মনে মনে থাকা, নিৰৱে থাকা

একো এটা নক'বা- ময়ো নকও

আমি নকৈ নকৈ একো এটা

দুয়ো এনেদৰে মৰি যাম   

মৰি যাম আমি দুয়ো দুয়োৰে ভিতৰত

মনে মনে থাকিম সকলো বিষয়তে ।

assamese poem