কবিতা ৮৯/ আজি সুৰেন ৰাজবংশীয়ে অৱসৰ ল'লে

author-image
Asomiya Pratidin
New Update
কবিতা ৮৯/ আজি সুৰেন ৰাজবংশীয়ে অৱসৰ ল'লে

- অনুৰাধা শৰ্মা পূজাৰী

ছপাশালৰ মেচিনটোৰ পৰা

বিদায় ল'লে সুৰেন ৰাজবংশীয়ে আজি 1

সাতাইশ বছৰীয়া প্রেমৰ

দিন-ৰাতি

মেচিনটোৰ মৌন আকুতি

মোক এৰি কেনেকৈ থাকিবা

সুৰেন ৰাজবংশী

কোনদিনা হৈছিল

ছপাশালৰ সৈতে চিনাকি

ৰ'দে-বৰষুণে

ভোক-পিয়াহ পাহৰি

মেচিনটোৱেই হৈছিল সংগী

কেতিয়াবা ঠেহপতা মেচিনৰ

অভিমান ভাঙি উজাগৰে থাকে সুৰেন ৰাজবংশী

লুইত জানো থমকি ৰয়

যিদৰে থমকি নৰয়

শব্দৰ ঢল সাদিন-প্রতিদিন

বুজনি দিয়ে মেচিনক

কাইলৈ বেলিয়েও দুষিব নহলে তেওঁক

কাকত ক'ত

সুৰেণ ৰাজবংশী

আজি সুৰেন ৰাজবংশীয়ে

চুই চালে মেচিনৰ

তেজ-মঙহ শেষবাৰলৈ

কব খুজিলে বহু নোকোৱা কথা

কিদৰে ছপাশালখনে

মানুহ কৰিলে সন্তানহঁতক

কিদৰে লিখিলে মৰমী পত্নীয়ে

দুখ-সুখৰ উপাখ্যান

সময় আৰু ঘামৰ ব্যাকৰণ

নিৰলা পঁজাৰ

মেচিনৰ তেল লগা কামিজটো

খুলিবলৈ মন যোৱা নাই আজি আগৰদৰে

চকুপানী ধোঁৱা হৈ উৰিছে

মেচিনটো সেমেকি উঠিছে

নে কান্দিছে

সুৰেণ ৰাজবংশী আজি বিদায় সভা

এনেকৈ ছপাশালেও এদিন

বিদায় ল'ব নেকি পৃথিৱীৰ পৰা

ডিজিটেল মেচিনবোৰে

পাতিব এখন বিদায় সভা!

assamese poem