কবিতা ৮৩/ হয় মই সাৰে আছো

author-image
Asomiya Pratidin
New Update
কবিতা ৮৩/ হয় মই সাৰে আছো

- অঞ্জনজ্যোতি শৰ্মা

আজি ম‌ই সাৰে আছো

জীৱনৰ প্ৰতিটো ঘাট-প্ৰতিঘাটৰ

দৃশ্য উপভোগ কৰিবলৈ,

সমাজৰ উত্থান-পতনৰ লগতে অঘোষিত

অপৰাধ অনিচ্ছাস্বত্বেও চাবলৈ

ম‌ই সম্পূৰ্ণৰূপে সাৰে আছো।

যদিও ম‌ই সাৰে আছো

সমাজৰ কু-সংস্কাৰ, কু-কৰ্মবোৰ

দুচকুৰ আগতেই ঘটি গৈছে,

সেই সময়ত টোপনিৰ ভাও জুৰিব পাৰো

কিন্তু তথাপিও ম‌ই সাৰে আছো।

ম‌ই সাৰে থকা বাবেই দেখিছো

সমাজৰ সেই গৌৰৱময় ধূলিকনাবোৰ

যিবোৰ আজি হব লাগিছিল আদৰ্শ,

সেইবোৰ বাদ দি কু-সংস্কাৰবোৰক সাৱতি

আজি ম‌ই সাৰে আছো।

লগতে এইবাবেও ম‌ই সাৰে আছো

জীৱনৰ বাটত সৎ কৰ্মক উপযুক্ত স্থান,

সৎ চিন্তাক প্ৰশংসা কৰাৰ লগতে

সত্যক সমৰ্থন জনাবলৈ

আজি ম‌ই সম্পূৰ্ণৰূপে সাৰে আছো।

assamese poem