/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/37a5c3f6-3cc9-422b-afaa-90f4eda227a8/KOBITA.jpeg)
- মিন্টু গোৱলা
তুমি আহিবা বুলি সাজিলো
বুকুত সপোনৰ বালিঘৰ ,
দুয়ো থাকিম সুখত ।
কত সপোন ৰচিলো
বালি ঘৰ সাজোতে
কত মৰম সাঁচিলো
তোমালৈ বুলি।
আজিচোন ক'ত সেই
বালি ঘৰ বালি হৈ ৰৈ গʼল।
সাঁচি ৰখা মৰমবোৰ মৰম
হৈ বুকুত কৰাল হৈ ৰʼল।
বালি বোৰ উৰুৱাই লৈ যায় বতাহে ,
সপোনবোৰো সপোন হৈ বুকুত মৰঁহি যায় ।
তুমি নাহিলা বুলিয়ে বালি ঘৰ ভাগিল ,
সপোন ও ভাগিল মৰম ও মৰহিল
নিঃসংগকতাই মোৰ লগৰী
সেই ভাগি যোৱা বালি ঘৰটোত।