কবিতা ৭৭/ সংস্কৃতি

author-image
Asomiya Pratidin
New Update
কবিতা ৭৭/ সংস্কৃতি

- প্ৰসন্ন বৰদলৈ

Advertisment

ঢোল তাল পেঁপা বন্ধকত দি

অসমীয়া জাতি ৰসাতলে গ'ল ।

নাচনী ফেশ্বন ডিজাইনাৰত যোৱাত

ঢোলীয়া ককাইটি সানিচিং হ'ল।

শেষ কৰিলি তহঁতে শেষ কৰিলি

অসমীয়া সংস্কৃতিৰ বিসৰ্জন দিলি।।

ঘূৰি আহ,ঐ অসমীয়া ঘূৰি আহ!

আহঁতৰ তলত বিহু মাৰো গৈ আহ!

গাঁৱৰ বুঢ়া মেথাৰ আশীৰ্বাদ লৈ

নিজৰ সংস্কৃতি আকোঁৱালি ল'ম,

নালাগে আমাক আনৰ সংস্কৃতি

উজ্বলাই ৰাখিম আমাৰ সংস্কৃতি।

assamese poem