/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e9f50efc-21df-43aa-8cf1-d1fca1103d2b/KOBITA.jpeg)
- কিশোৰ কুমাৰ কলিতা
প্ৰত্যাশিত এজাক বৰষুণ
বুকুৰ কেনভাছ চিৰ সেউজীয়া
নৈপৰীয়া হৰ্ষ বিষাদ
চপৰা চপৰে খহে গৰা,
চকুৰ পচাৰতে উদং হয় বুকু ,
তথাপিও জীৱন জিন্দাবাদ ।
এনেকৈয়ে জীৱন ভটিয়াই,
অস্ত আকাশত সাতোৰঙী ৰামধেনু
ফাগুন মানেই নহয় সমাপ্তি
সৰাপাতৰো আছে ইতিহাস
বৃদ্ধাশ্ৰমৰ সমুখত কোন বিৰহৰ কবিয়ে লিখে -
"সমুখৰ সৰাপাতবোৰত
খোজ লাহেকৈ দিব।
কাৰণ, এই সৰাপাতেই এদিন
আপোনাকো দিছিল সেউজীয়া ছা।"