/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a87c0c62-9992-47f1-8923-27f8b988f265/KOBITA.jpeg)
- অংকুৰিতা ফুকন
জীৱনৰ এটা পৰিক্ৰমাৰ সামৰণিত
সময়ে আমাক ঠাই এৰি দিবলৈ কয়
আমাৰ কাণত বাজি থাকে
পুৱতি চৰাইৰ মাত
দিন ৰাতিৰ তন্ময়তাত…
আমাৰ উদাসীনতাৰ বাবেই
জাপখোৱা চকুৰেও
তৰা ভৰা আকাশৰ সপোন দেখোঁ
অথচ আমাৰ খোজৰ চিন অণুৰকণ কৰিয়ে
ঘৰৰ ভিতৰলৈকে গজি উঠে
ধূলিফুল…
হয়তো আমি জন্মান্ধই…
আমাৰ নামত তলসৰা পাতবোৰ
বুটলি থ'ব নোৱাৰাকৈ
জুখি চাব নোৱাৰাকৈ চকুৰ পচাৰতে
পাৰ হৈ যোৱা সময়…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us