কবিতা ১৫৩/ আজি সবাতোকৈ শুভদিন

কবিতা ১৫৩/ আজি সবাতোকৈ শুভদিন

- ডা: হেমন্ত কুমাৰ গোস্বামী

আজি বাগদেৱী বীণাপাণিৰ দিন ,

সৰস্বতী বন্দনাৰ দিন ,

আজি ধূপ-ধূনা জ্বলাই কিতাপ-বহীক সেৱা কৰাৰ দিন ,

মন-মগজুক জিৰণি দিয়া দিন ।

আজি মেখেলা-চাদৰ পিন্ধিবলৈ শিকাৰ দিন ,

জাক-জাক গাভৰু জুম বান্ধি ফুৰাৰ দিন ,

আজি ফটো উঠা দিন , প্ৰাণখুলি কথা পতাৰ দিন , হঁহাৰ দিন ,

আজি হিয়া দিয়া-নিয়াৰ দিন ।

কিছুমান বিদ্যামন্দিৰত সংগীতানুষ্ঠানৰ দিন ,

কিছুমানত আজি কবি-সন্মিলন আৰু আলাপ-আলোচনাৰ দিন ,

মহাবিদ্যালয়ৰ বাৰাণ্ডাবোৰ প্ৰাচীৰ-পত্ৰিকাৰে সুশোভিত হোৱাৰ দিন।

এদিনৰ বাবে আজি সৰস্বতী মূৰ্তিত সেৱা কৰাৰ দিন ,

নপঢ়াকৈয়ে পৰীক্ষাত পাচ কৰাই দিবলৈ আশীৰ্বাদ বিচৰাৰ দিন ,

বিদ্যামন্দিৰৰ চোতালত বহি খিচিৰি খোৱাৰ দিন ।

আজি সৌন্দৰ্য প্ৰতিযোগিতাৰ দিন ,

ধুনীয়া ছোৱালী বিচাৰি কেমেৰাবোৰ ঘূৰি ফুৰাৰ দিন ,

আজি সোনকালে ওলাই গৈ পলমকৈ ঘৰলৈ ওভতাৰ দিন ,

আজি অভিভাৱকৰ অতিশয় চিন্তাৰ দিন

আজি হস্পিটালবোৰত অতিশয় ব্যস্ততাৰ দিন ।

তথাপি আজি আনন্দৰ দিন ,

সকলোতকৈ ধুনীয়া , সকলোতকৈ শান্ত

দেৱী সৰস্বতীৰ পূজাৰ দিন ,

আজি সবাতোকৈ শুভদিন ।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in