কবিতা ১৩০/ হয়, মই শিল-বালিৰ স'তে খোজ কাঢ়িছোঁ

মই কেৱল পদব্ৰজে অহা নাই, চুঁচৰি ফুৰিছোঁ। আঁঠুকাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছোঁ

author-image
Asomiya Pratidin
New Update
কবিতা ১১৬/ শিল

কবিতা ১১৬/ শিল

ভূপেন কুমাৰ বৰা

Advertisment

মই কেৱল পদব্ৰজে অহা নাই,

চুঁচৰি ফুৰিছোঁ।

আঁঠুকাঢ়ি সেৱা কৰি মাতৃভূমিৰ চৰণ চুমিছোঁ।

সত্ৰ, নামঘৰ, গুৰুদ্বাৰ, মছজিদ, গীর্জা, মন্দিৰত

তীর্থ স্নান কৰি মই তপস্যাত বহিছোঁ।

মই শংকৰ আজান-চ্যুকাফা-চিলাৰায় গান্ধী নেতাজীৰ

বাণীও কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰিছোঁ।

হয়, মই শিল-বালিৰ স'তে খোজ কাঢ়িছোঁ...

পদাতিকৰ খোজৰ পথৰ ধূলি ওপৰলৈ উৰি

মোৰ শিৰত পৰাও দেখিছোঁ,

সেই পদ ধূলিৰেই মই কঁপালৰ তিলক আঁকিছোঁ ।

শিলৰ গুড়িবোৰ আছুতীয়াকৈ থৈ

সমন্বয়ৰ সেঁতু গঢ়িবলৈ খনিকৰ বিচাৰি ফুৰিছোঁ।

ম‍ই ধুবুৰীৰ পৰা শদিয়ালৈ গৈ আছোঁ,

নানা ৰঙৰ মণি-মুকুতা বুটলি

মাতৃৰ বাবে গহনা সজাৰ প্ৰস্তুতি কৰিছোঁ।

জাতি, জনজাতি, উপজাতিৰ তেজৰ ৰং,

হাঁহি আৰু কান্দোনৰ সাদৃশ্য দেখিছোঁ।

পকা ধাননিৰ মাজত সোমাই

নবৌৰ কাঁচিখনতো সান দিছোঁ ।

মই বাগৰুম্বা নাচিবলৈ শিকিছোঁ,

ঝুমুৰৰ পাকত ঘূৰিছোঁ,

আইদেউক লগ পাই চলচিত্ৰৰ বুৰঞ্জী পঢ়িছোঁ।

ম‍ই কাৰ্বিক কাৰ্দম, মিছিঙক কুমনাং, ডিমাচাক যুঠাই

দেউৰীক আগঞ্জুমা, নেপালীক নমস্তে, আদিবাসীক জহাৰ

তিৱাক চেৱা ক'বলৈ শিকিছোঁ ।

ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ খহনীয়াৰ প্ৰকোপ একেই দেখিছোঁ,

মই কেঁচা পাত ছিঙোতে চাহৰ সুগন্ধ পাইছোঁ ।

ছাই আৰু সাঁজেৰে সজোৱা বানবাটিত ওঁঠ লগাই

পৰম্পৰাৰ বুনিয়াদ সুদৃঢ় কৰিছোঁ।

ধৰিবও নোৱৰা, এৰিবও নোৱৰা

আঁঠুৱাৰ ভিতৰৰ মহটো ময়ো দেখিছোঁ,

আঁঠুৱাৰ বাহিৰত বহি মই উজাগৰী নিশা কটাইছোঁ,

খল নায়কক নায়ক সজাবলৈ চলা ষড়যন্ত্র ফাদিল কৰাৰ মই আজি পণ লৈছোঁ।

সৰ্বানন্দ সিংহ, ৰাঘৱ মৰাণৰ পদূলিৰে পাৰ হৈ

কৃষ্ণৰ পদৰেণুৰে ধূসৰিত শদিয়াৰ পৰা

প্ৰগতিৰ জখলা সজাৰ মানস কৰিছোঁ।

হয়, মই শিল-বালিৰ স'তে খোজ কাঢ়িছে.....

আৰু পঢ়ক: কবিতা ১২৯/ অনুভৱী মন

assam poem