- গগন চি বডছা
মৰহা সৰু আলিৰ
শুকান মাটি দৰাত
দাৱনিৰ বিহু নাম
প্ৰাণ পায় সেউজীয়া
কান্ধৰ বিৰিয়াৰ শব্দত
মুঠিবোৰেও জীপাল হয়
দুখবোৰ আতৰি বিৰিঙে
হাহি আনন্দৰ চকুলু
কুমল হাতৰ পৰশত
সোণালী মুকুতাবোৰে
পুৱাৰ কুৱলী ফালি
সৰুজেও গায় গান
নতুন দিনৰ প্ৰাণ
আঘোন তুমি।
আৰু পঢ়ক : কবিতা ১২৭/ দুপৰীয়া