কবিতা ১২৭/ দুপৰীয়া

কবিতা ১২৭/ দুপৰীয়া

- ভাস্কৰ নিলীমা

তুলি দিয়া মোক এটি কৰ্মঠ - কঠিন - তেজাল দুপৰীয়া

পাৰিবানে ভৰ দুপৰীয়াৰ বেলিটোক তোমাৰ সোঁ হাতেৰে ধৰি ৰাখিব ?

নহয় আবেলি, নহয় ৰজনী !

দোকমোকালিৰ পৰা ঘূৰি ঘূৰি আকৌ দুপৰীয়া ।

মোৰ পিতাইৰ সিৰ ওলোৱা হাতত ৰৈ যায়

হেজাৰ দুপৰীয়া !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in