কবিতা ১২৬/ উপহাৰ
- ভাৰ্গৱী নাথ
মোক ছবি উপহাৰ নিদিবা।
কোনো নিপুণ হাতে থপিয়াই বন্দী কৰা
ৰঙা বেলিৰ অহংকাৰ,
কোনো যাদুকৰী আঙুলিত জী উঠা মনালিছা
কিম্বা শাৰী শাৰী জাজেমৰ সৰগী শোভা,
মোক নেদেখুৱাবা ৷
হেৰাই গ’লে কেতিয়াবা
মই কোনো বজাৰৰ ভিৰত
যদি তোমাৰ দুচকুত গজি উঠে
পিয়াসী হাহাকাৰ...
আৰু যদি অপেক্ষাই আঁৰি দিয়ে ব্যাকুলতা...
মোৰ বাবে সেয়াই হ’ব শ্ৰেষ্ঠ ছবি..
কোৱা! কি ৰঙেৰে সজাবা ?
মোক সুগন্ধি আতৰ উপহাৰ নিদিবা।
অচিনাকি বাটতো যি আকুলতাত
সাৱটি লওঁ হঠাত নামি অহা বৰষুণজাক-
"এইজাক মোৰ চিনাকি" বুলি;
সেই ধূলিয়ৰি গোন্ধলগা
বৰষুণজাকক সুধিবা-
ক’ত পায় মোৰ প্ৰিয় গোন্ধ ?
যি গোন্ধ লাগি থাকে
আদৰৰ চাদৰৰ চিনাকি উমত ৷
ইমান উদ্বাউল নহ’বা ।
যদি সঁচাই দিব খুজিছা উপহাৰ -
মোক অকণমান সময় দিবা ৷
পাক লাগি জঁট লাগি
ওমলি জামলি থাকিবলৈ
এটা কথাৰ ৰাতি মোৰ বাবে হওক।
ব’লা! !
খুলি দিওঁ অধৰৰ চিলাই,
উৰুৱাই দিও ভাষাৰ চিলাবোৰ..
সেই উচ্চতালৈ
যি উচ্চতাৰ পৰা উভতি চালে
আমি দুয়ো দুটি বিন্দু হৈ ক্ৰমাৎ নোহোৱা হৈ যাম...
আৰু পঢ়ক : কবিতা ১২৫/ প্লাষ্টিক