কবিতা ১২৫/ প্লাষ্টিক

জাহ যোৱা পৃথিৱীত এয়া কিহৰ স্মৃতি? স্বাশ্বত বিষক্ত ভৱিষ্যত।

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

জয়ন্ত কলিতা

Advertisment

জাহ যোৱা পৃথিৱীত

এয়া কিহৰ স্মৃতি?

স্বাশ্বত বিষক্ত ভৱিষ্যত।

থমকি ৰোৱা অনিৰুদ্ধ

কৃত্রিম চক্রবেহুত জাৰিত

অচল জীৱকূল জীৱিত।

জাহ যোৱা পৃথিৱীত

এয়া কিহৰ স্মৃতি?

সমুদ্রৰ ইপাৰ সিপাৰ

মানৱ ব্যৱহৃত মৰিচিকা

অবাক ভেজাল গেদিয়।

প্লাষ্টিক বটলৰ বিজেৰে

মহিঢাল উদৰ সিঁচৰিত।

জাহ যোৱা পৃথিৱীত

এয়া কিহৰ স্মৃতি?

বিশাল পৃথিৱীত

এক চৰ্চিত মহা উক্তি

শেষ নহয় এয়া প্ৰদৰ্শনী

নাম মাথোঁ কেৱল প্লাষ্টিক।।

assam assamese poem poem