/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9c3edb00-397b-46f0-9762-d631485720a7/KOBITA.jpeg)
- জিতজ্যোতি পাটগিৰি
তেওঁ আচলতে কোন (?)
সময়ৰ সোঁতত যিজনে আৱিষ্কাৰ
কৰিলে নিজক ।।
শৈশৱত ধূলিৰ সৈতে
বিলীন কৰি দিয়া
তেওঁৰ কথাই কবলৈ বিচাৰিছো-
শংকৰদেৱ
মই তেওঁৰ আকাৰ কেতিয়াও দেখা নাই
হয়তো কৰমৰ্দন কৰিলে
গম পালোহেতেন
কিমান শক্তিশালী আছিল তেওঁ (?)
লুইতৰ বুকুত সাতুৰি
ষাঁড় গৰুৰ শিঙত ধৰি
বাহুবল দেখুৱাই
সঁচাকৈ মোহিত কৰিছিল সকলোকে ।।
সুকিয়াকৈ সৃষ্টি কৰিছিল নেকি
ইশ্বৰে তেওঁক !
জানিব বিচাৰিছো বিতংকৈ ।।
শংকৰদেৱ
গুৰু বুলি দোৱালো মূৰ
পঢ়িলো কীৰ্ত্তন ঘোষা
শুনিলো বৰগীত
দেখিলো ভক্তি আন্দোলন
চালো সাত বৈকুন্ঠৰ পটত অঁকা চিহ্ন যাত্ৰাৰ প্ৰতিচ্ছবি...
অন্ধবিশ্বাসৰ বলি হৈ কিদৰে মানুহবোৰ
মানসিক ভাৱে আছিল দুৰ্বল- সেয়াও বুজিলো ।।
তুমি এক দেৱ এক সেৱ
এক বিনে নাই কেৱ বুলি কৰিলা প্ৰচাৰ
সত্ৰবোৰ যেন একো একোটা জ্ঞানৰ চাকি হৈ
উজ্বলি উঠলি মানুহবোৰৰ মাজত
ভাওনাৰ আঁৰত তুমিয়েই
শিকালা কৃষ্ণৰ মায়াময় জ্ঞান
শংকৰদেৱ
বৰ অসম গঢ়িলা
কেতিয়াবা উজনিৰ পৰা নামনি
কেতিয়াবা কাশী তথা গয়া
জীৱনৰ সেউজীয়া পাতবোৰ এটা এটাকৈ ছিঙি
তুমি গৈ থাকিলা...
আৰু এনেদৰে সামৰণিৰ শেষ অধ্যায়ত
সৃষ্টি কৰিলা বৃন্দাবনী বস্ত্ৰ
দেখুৱালা এৰাতিত কেনেকৈ হাতী মাৰি
ভৰাব পাৰি ভুৰুকাত ।।
অবাস্তৱ ! যেন লগা তোমাৰ মহিমা
নিথৰ হৈ পৰিলো মই ।।
হে মহাপুৰুষ, পৰম গুৰু
শ্ৰী শ্ৰী শংকৰদেৱ
মানুহবোৰক নতুনকৈ মানুহ সজোৱা
তুমি যেন নৱ বৈষ্ণৱ যুগৰ
সৃষ্টিকৰ্তা এজন ইশ্বৰ
প্ৰণিপাত জনালো তোমাক ।।
আৰু পঢ়ক : কবিতা ১১৯/ মৌনতা