কবিতা ১১৯/ মৌনতা

মৌনতাৰ সিপাৰে থাকে কোলাহলৰ এখন পৃথিৱী, সেই কোলাহল হ'ব পাৰে স্বপ্নভংগৰ

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

লক্ষ্মী দাস

Advertisment

মৌনতাৰ সিপাৰে থাকে

কোলাহলৰ এখন পৃথিৱী,

সেই কোলাহল হ'ব পাৰে

স্বপ্নভংগৰ

প্ৰতাৰণাৰ

নতুবা অপ্ৰাপ্তিৰ।

কথাবোৰ কাকো ক'ব নোৱাৰি,

দেখুৱাব নোৱাৰি নি:শব্দ আঘাত,,

গুপুতে থাকি মাথোঁ

আস্ফালন কৰে বুকুত অযুত।

নিস্তেজ হাঁহিৰে জীয়া হয় জীৱন,

নিয়ৰসিক্ত শীতৰ শেতেলিতো

জুই জ্বলে বিষাদৰ।

অনুভূতি হেৰাই যায়,

শব্দবোৰ লুপ্ত হৈ

মৌনতাত বিলীন হয়।

মৌনতাৰ সিপাৰে থাকে

কথাৰ মেটমৰা বোজা

অবুজ হিয়াৰ গোপন ব্যথা॥

assam poem