/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/a8b68d5d-8312-43af-b3b3-f441aa2f5852/KOBITA.jpeg)
- ড০ সুশান্ত কুমাৰ কাশ্যপ
আৰু একো নকওঁ বুলিও
কোৱা হয় বহু কথা
আৰু একো নিলিখোঁ বুলিও
লিখা হয় বহু কথা
আৰু একো নাভাবো বুলিও
ভবা হয় বহু কথা
কথাবোৰ শব্দৰ অন্বেষণ
কথাবোৰ শব্দৰ কচৰৎ
প্ৰাণহীন শব্দবোৰত
প্ৰাণ পাই উঠে
হৃদয়ৰ অনুভূতি
শব্দ ব্ৰহ্ম
শব্দতেই ঘৃণা
শব্দতেই দ্বেষ
শব্দতেই হতাশা
শব্দহীনতাও এক শব্দ
নোকোৱা কথাবোৰ কোৱাৰ
নিলিখা কথাবোৰ লিখাৰ
নোকোৱাবোৰ নোকোৱাকৈয়ে থাকক
নিলিখাবোৰ নিলিখাকৈয়ে থাকক
নভবাবোৰ নভবাকৈয়ে থাকক
শব্দহীনতাও এক শব্দ
শব্দই ব্ৰহ্ম