New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5b2779df-2dcd-4468-a754-8878144c5b67/KOBITA.jpeg)
- দিব্য চেতিয়া ফুকন
তুমি আতৰি গ'লে
শূণ্যতাৰ নৈ খন বৈ আহে মোৰ কাষলৈ
সোনালী সময়ৰ বালিত
পৰি ৰয় ৰোমন্থনৰ খোজ
হুমুনিয়াহ চেঁচা বতাহ জাকে
বাৰে বাৰে আহি তোমাৰ কথাকে কয়
দূৰৈৰ আকাশখনে তন্ময় হৈ
মেঘৰ বুকুত আঁকি দিয়ে
তোমাৰে এখন ছবি