/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e9ffa8f3-4d96-4503-95c2-804b34fbaf4f/KOBITA.jpeg)
- মনোজ আগস্তি
ক্যানো জ্যেতেই আছো
কিহোৰ কাৰণে জ্যেতেই আছো
জ্যেতেই জ্যেতেই মচ্ছো না
মৰি মৰি জ্যেতে আছো
ধৰবাই নৰা হ'ছো ইতা
তোহনাই বা ক্যা জ্যেতেই আছ্ৱা
কিহোৰ পিচোতনো দ্যাউছ্যো
মই'বা কিহোৰ পিচত দ্যাউছ্যো
চ্যবে সপান দেখো
ময়ো এটা সপান দেখছিলো
- কলপ্যেতা সপান
সপানে বলে বাট দেখ্ৱৈ
সপানে বলে জ্যেতে ৰাখে
হৰৱাৰ পিচোতো বোলে কিবা এটা থাকে
জগাত্ খানোক দেখাৰ সদধা
মোৰ চখুত দেখোন আকাশ
প'থাৰ আৰু নদীখ্যান হি বাজে
ৰাস্তা ভুল কৰাৰ পাচোতো
জগাত খনোক দেখাৰ সদধা
কিবা এটাই খেদি ফুৰব্যা ধৰে
বিচৰো কিবা-পাও কিবা
তাৰ পিচোতো জ্যেতেই আছো
কিহোৰ আশাত বা জ্যেতেই থাকো
এন্কি জ্যেতেই আছো