New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8beac6d4-11cc-4039-81d5-01f0b9d7599c/KOBITA.jpeg)
- দেবপ্ৰসাদ তালুকদাৰ
তুমি ইমান আন্ধাৰ ফালি আহিছা
দোকমোকালি হ'বলৈ
তুমি জোনাক চুই আহিছা
ভালপোৱা হ'বলৈ
তুমি ফটফটীয়া পানী
পাৰ হৈ আহিছা
হৃদয় খুলি
হিয়া ঢালি দিবলৈ
ইমান কঠিন শিলবোৰ
কাটি কাটি তুমি
কালৈ বাটবোৰ পোনাইছা
কঠিন অংক এটাৰ
সঠিক উত্তৰটোৰ দৰে
সকলো ভাল কামৰ
ফলাফল
তিতা ফল এটা খোৱাৰ পাছত
মুখখন মিঠা মিঠা লগাৰ দৰে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us