/asomiyapratidin/media/media_files/2025/03/19/QmWuXTwbDLCjPHt2vcja.jpeg)
ধোদৰ আলি নিৰ্মাণত বিসংগতি
ডিজিটেল সংবাদ, নামতি: ঐতিহাসিক ধোদৰ আলি নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিসংগতি আৰু লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলোৱাৰ বিৰোধীতাৰে বুধবাৰে চামগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু সদৌ অসম মহিলা সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অৱৰোধস্থলীত আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেদি পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজ তথা সংগঠনে।এই পথ অৱৰোধৰ ফলত দীৰ্ঘ সময় ধৰি যান বাহনৰ যাতায়াত বন্ধ হৈ পৰে। আগন্তক এসপ্তাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে দল সংগঠনসমূহে ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে পথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে।