/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/bf6b4e1a-7e0f-4ddb-b94f-1055683ea97a/kmss.jpg)
ডিজিটেল সংবাদ,নগাঁও : কৃষি বিভাগে নগাঁৱৰ কৃষকলৈ যোগান ধৰা মাটি মাহৰ বীজত লাগিল কেনা ৷ বিভাগটোয়ে কৃষকক বীজ ঠিকেই দিলে ৷ কৃষকে বীজ ঠিকেই লগালে ৷ কিন্তু গছত এতিয়া ফল নাই ৷
মাটি মাহৰ চৰকাৰী বীজৰ গছ এতিয়া ফল নিদিয়াকৈ হালধীয়া পৰিব ধৰিছে ৷ দুটিকৈ প্ৰলয়ংকৰী বানে জুৰুলা কৰা কৃষকক সকাহ দিবলৈ কৃষি বিভাগে যোগান ধৰা মাটি মাহৰ বীজৰ পৰা উৎপাদনৰ মূখ নেদেখি হাহাকাৰ কৰিব লগা হৈছে নগাঁৱৰ কৃষকে ৷
কৃষি বিভাগে কৃষকক কৰা এই প্ৰতাৰনাৰ প্ৰতিবাদত বৃহস্পতি বাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷ নগাঁও জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সন্মূখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান গ্ৰহণ কৰি ধৰ্ণা প্ৰদান কৰে ৷
প্ৰতিবাদকাৰীয়ে কৃষি বিভাগে যোগান ধৰা মাটি মাহৰ বীজৰ কেলেংকাৰী হোৱাৰ অভিযোগ কৰাৰ লগতে কৃষক সকলক ক্ষতিপূৰণ আদায় দিয়াৰ দাবী জনায় ৷ লগতে বানত ক্ষতিগ্ৰস্হ কৃষকক বৰ্তমানলৈকে আদায় নিদিয়া ক্ষতিপূৰণ অচিৰে আদায় দিয়াৰো দাবী তোলে ৷