বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি...

শুকুৰবাৰে গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পৰ মুখ্য প্ৰৱেশ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
KMSS
KMSS

ডিজিটেল সংবাদ, গেৰুকামুখ : সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পাছত অৱশেষত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদত নামিল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ ২০১৯ চনৰ অক্টোবৰৰ পৰা বৃহৎ নদী বান্ধৰ বিৰুদ্ধে আন্দোলন কৰাৰ শক্তি সামৰ্থ্যৰ ছন্দ ২০২২ৰ অক্টোবৰলৈকে হেৰুওৱা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱশেষত শুকুৰবাৰে গেৰুকামুখৰ সোৱণশিৰি প্ৰকল্পৰ মুখ্য প্ৰৱেশ দ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু কাৰ্যকৰী সভাপতি ৰাজু বৰপাত্ৰগোহাঁই সহিতে অনান্য বিষয়ববীয়া সকলে এই প্ৰতিবাদত সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰে ৷ গেৰুকামুখৰ পাঁচনি কেম্পৰ পৰা কৃষক মুক্তিয়ে প্ৰতিবাদী সমদল উলিয়াই প্ৰকল্পটোৰ মুখ্য প্ৰৱেশ দ্বাৰত ধৰ্ণা দিয়ে ৷

প্ৰায় দুই ঘন্টা যোৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে সংগঠনটোৱে গেৰুকামুখৰ বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ভাঙি দিয়াৰ দাবী উত্থাপন কৰে ৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই প্ৰতিবাদকাৰীক উদ্দেশ্যি ভাষণ প্ৰসংগত কয় “সোৱণশিৰিৰ নদী বান্ধ অসমৰ বাবে এক জল ব’মা ৷ এই বান্ধৰ পৰা আমাৰ লাভ শূণ্য ৷ এই বান্ধৰ পৰা অসমে লাভ কৰিব লগা পঁচিশ মেগাৱাট বিদ্যুতে লখিমপুৰ চহৰ খনৰ এবেলাৰ বিদ্যুতৰ চাহিদা পূৰ নহয় ৷

বিশেষজ্ঞই যি কথা কৈছিল সেই কথা গেৰুকামুখৰ পাহাৰে যোৱা এমাহত প্ৰমাণ কৰিছে ৷ ইয়াৰ পাছতো আমি বৃহৎ নদী বান্ধ কোন স’তে হ’বলৈ দিম ৷ আজি এন এইচ পি চি য়ে পাহাৰটো কিয় খহিছে তাৰ উত্তৰ দিবলৈ আমাৰ সন্মুখত উপস্থিত হ’ব নোৱাৰিলে ৷ অহা ১০ দিনৰ ভিতৰত এন এইচ পি চিয়ে আমাৰ লগত বৈঠকত ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব বুলিও মন্তব্য কৰে ৷

লগতে তেওঁ কয় যে গেদীয় শিলৰ পাহাৰটোৱে জলব’মাৰ ভৰ সহিব নোৱাৰে সেই কথা যোৱা এমাহত সোঁৱৰাই দিছে ৷ এয়া আমাৰ দ্বিতীয় লানি আন্দোলনৰ আৰম্ভণি ৷ আমাৰ লাখ লাখ সদস্যই ইয়াৰ প্ৰতিবাদ কৰিব ৷ আমি জীৱনক তুচ্ছ কৰি হ’লেও এই বৃহৎ নদী বান্ধ ৰোধ কৰিম ৷“

আনহাতে গেৰুকামুখৰ শেহতীয়া ঘটনাৰাজিৰ ওপৰত মুখ খুলিছে ৰাজ্যৰ ভূতত্ববিদ তথা ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিৰ অন্যতম সদস্য ভগৱৎ প্ৰাণ দুৱৰাই ৷ সামাজিক মাধ্যমত সোৱণশিৰিৰ বান্ধৰ শেহতীয়া ঘটনাৰাজি আলোকপাত কৰি নদী বিশেষজ্ঞ গৰাকীয়ে মত দিছে যে এই সময়ত পাঁচ প্ৰাৱল্যৰ ভূমিকম্পই যথেষ্ট এই পাহাৰ খহাবলৈ ৷

বৰষুণৰ পানীৰ ছিদ্ৰকে পাহাৰটোৱে ধৰি ৰাখিব পৰা নাই ৷ বিজুলী উৎপাদনৰ কৃত্ৰিম পানীৰ চাপ উচ্চ নিম্ন হোৱাৰ বাবে পানীৰ ছিদ্ৰই পাহাৰত সঘনাই ভূমিস্খলন কৰাৰ সম্ভাৱনাই অধিক ৷ অৰ্থাৎ ২০০৬ চনত বিশেষজ্ঞৰ প্ৰতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ব বিদ গৰাকীয়ে যি কথা কৈিছল সেই কথা পুনৰবাৰ সামাজিক মাধ্যমত অৱগত কৰিছে শেহতীয়াকৈ গেৰুকামুখৰ বান আৰু ভূমিস্খলন প্ৰত্যক্ষ কৰি ৷

ইয়াৰ পাছতো ৰাজ্য চৰকাৰে উত্তৰ অসমবাসীক গিনিপিগ সজাই বৃহৎ নদী বান্ধ নিৰ্মাণৰ লাভ শূণ্য সমৰ্থন দিয়াত জাঙুৰ খাই উঠিছে আন্দোলনকাৰী, উত্তৰ অসমবাসী আৰু সচেতন নেটিজেন ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in