/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3fd814c7-1e8f-441a-ac3a-9291fab74674/dhhh.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰৱান আঁচনিক ঢকুৱাখনাত লুণ্ঠনৰ আহিলালৈ পতিত কৰি চৰকাৰী পুঁজি উদৰস্থ কৰিব বিচৰা দুৰ্নীতি পৰায়ন চক্ৰৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । এই আঁচনিৰ জৰিয়তে গ্ৰাম্য হিতাধিকাৰীক ৰোগীয়া , "ছোৱাইন ফেভাৰ"ত আক্ৰান্ত গাহৰি পোৱালি যোগান ধৰা ধেমাজিৰ বিশ্বজিৎ মহেঙিয়া নামৰ অৰ্থলোভী যোগানকাৰী আৰু গাহৰিৰ খাদ্য যোগানৰ নামত অতি নিম্নমানৰ, দুৰ্গন্ধ যুক্ত , অখাদ্য যোগান ধৰা "লেইচাৰ লেন" নামৰ দুই ঠিকাদাৰ গোষ্ঠীৰ ওপৰত তাৎক্ষণিক ভাৱে তদন্ত কৰি এনে প্ৰতাৰক চৰকাৰী পুঁজি উদৰস্থকৰণৰ ফন্দি পতা ঠিকাদাৰী প্ৰতিষ্ঠানৰ ওপৰত কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে।
শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজু ৰাজ বৰপাত্ৰ গোঁহাই , কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অজিত পেগু ঢকুৱাখনা মহকুমা সমিতিৰ অন্যতম সাধাৰণ সম্পাদক প্ৰহ্লাদ গগৈ ,সহকাৰী সম্পাদক নিপুল গগৈ ,সাংগঠনিক সম্পাদক গোলাপ দাস আদিৰ নেতৃত্বত যোৱা এটা সজাতি দলে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰা দুৰ্নীতি পৰায়ন দুই ঠিকাদাৰক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায়।
লগতে বিতৰণৰ পাছতে মৃত্যুৰ মুখত পৰা ৰোগীয়া গাহৰিৰ হিতাধিকাৰীক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ লগতে পুনৰ নিৰোগী গাহৰি যোগান ধৰাৰ লগতে এনেবোৰ হিতাধিকাৰীক উন্নত পুষ্টিকৰ গাহৰি খাদ্য যোগান ধৰাৰ বাবে দাবী জনাই । গঞা দৰিদ্ৰ হিতাধিকাৰীক লুণ্ঠনৰ হাতিয়াৰ কৰি এই দুই লুণ্ঠনকাৰী অপ শক্তিৰ বিৰুদ্ধে কঠোৰ কার্য ব্যৱস্থা গ্ৰহণ নকৰিলে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰো সকীয়নী প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
আৰু পঢ়ক: চানচিল্ক চেম্পু বাদ দিয়ক! নিজৰ সংস্কৃতি মনত কৰক...