চৰকাৰক শান্তি আলোচনাৰ প্ৰস্তাৱ কে এল অৰ, গঠন মধ্যস্থতাকাৰী কমিটি…

চৰকাৰক শান্তি আলোচনাৰ প্ৰস্তাৱ কে এল অৰ, গঠন মধ্যস্থতাকাৰী কমিটি…

author-image
asomiyapratidin
New Update
চৰকাৰক শান্তি আলোচনাৰ প্ৰস্তাৱ কে এল অৰ, গঠন মধ্যস্থতাকাৰী কমিটি…

ডিজিটেল ডেস্ক: চৰকাৰক শান্তি আলোচনাৰ প্ৰস্তাৱ কে এল অৰ(কমতাপুৰ লিবাৰেশ্যন অৰগেনাইজেশ্যন)। চৰকাৰে বিচাৰিলে শান্তি আলোচনাত বহিবলৈ সাজু মধ্যস্থতাকাৰী দল। ৰাজ্য চৰকাৰৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ পোষকতা কে এল অৰ।

Advertisment

ইতিমধ্যে ৫ গৰাকী মধ্যস্থতাকাৰীৰ নাম ঘোষণা কৰিছে কে এল অৰ অধ্যক্ষ জীৱন সিংহে। মধ্যস্থতাকাৰী হিচাপে নাম উল্লেখ আছে-হৰ্ষবৰ্ধন বৰ্মা, দেৱজিত সিনহা,মালখান সিং, বিশ্বজিত ৰায় আৰু টম অধিকাৰিৰ।

এই সন্দৰ্ভত বিশ্বজিত ৰয়ে কয় যে চৰকাৰে বিচাৰিলে মধ্যস্থতাকাৰী হিচাপে থাকিবলৈ সাজু। শান্তি আলোচনাৰ জৰিয়তে সকলো সমস্যা সমাধান হোৱাতো বিচাৰে। লগতে জীৱন সিংহক ধন্যবাদো জ্ঞাপন কৰে ৰয়ে। কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কে এল অৰ অধ্যক্ষৰ সৈতে শান্তি আলোচনাত বহিব বুলি আশাবাদী ৰয়।

আৰু পঢ়ক: ৰে'ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…

assam himanta biswa sarma assam govt klo