মিনিষ্টাৰ কলনিৰ পৰা কেএলঅ ( কেএন ) লিংকমেন আটক কোকৰাঝাৰ আৰক্ষীৰ

কোকৰাঝাৰ আৰু কচুগাওঁ আৰক্ষীয়ে মঙলবাৰে মিনিষ্টাৰ কলনিৰ পৰা এজন কেএলঅ' ( কে এন)ৰ লিংকমেন আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
মিনিষ্টাৰ কলনিৰ পৰা কেএলঅ ( কেএন ) লিংকমেন আটক কোকৰাঝাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- কোকৰাঝাৰ আৰু কচুগাওঁ আৰক্ষীয়ে মঙলবাৰে মিনিষ্টাৰ কলনিৰ পৰা এজন কেএলঅ' ( কে এন)ৰ লিংকমেন আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন কেএলঅ' সদস্যজনক ধুবুৰী জিলাৰ গোলোকগঞ্জৰ মাৰাকুৰা গাঁবৰ শান্তনু ৰায় বুলি জানিব পৰা গৈছে।

Advertisment

কেএলঅ'ৰ লিংকমেন শান্তনু ৰায়ক গুৱাহাটীৰ মিনিষ্টাৰ কলনীৰ পৰা আটক কৰাৰ পিছত আজি কোকৰাঝাৰ আদালতত হাজিৰ কৰোৱা হয় । আদালতত হাজিৰ কৰোৱাৰ পিছত কচুগাঁও আৰক্ষীয়ে শান্তনু ৰায়ক পাঁচ দিনৰ বাবে নিজৰ জিম্মাত বিছাৰিছিল যদিও আদালতে তিনিদিনৰ বাবে কচুগাঁও আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, কোকৰাঝাৰ জিলাৰ চক্ৰশীলা বনাঞ্চলৰ বাওঁখুংগ্ৰী পাহাৰত যোৱা ২৪ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কেএলঅ (কে এন )ৰ দুজনকৈ কেডাৰ নিহত হৈছিল আৰু চাৰি জন কেডাৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ৷ পিছত আটকাধীন কেডাৰ কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱা ২৯ এপ্ৰিলত কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ কচুগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত গুৰুফেলাত অভিযান চলাই আৰক্ষীয়ে উত্তম ৰায় আৰু বিপুল ৰায় নামৰ আন দুগৰাকী কেএলঅ' ( কে এন) সদস্যক আৰক্ষীয়ে আটক কৰে ৷

ইয়াৰে উত্তম ৰায়ৰ বাসগৃহৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে আইইডি বোমা, দুটা ৱাকিটকি আৰু নগদ ধন জব্দ কৰিছিল ৷ ধৃত উত্তম ৰায় ম্যানমাৰত প্ৰশিক্ষণপ্ৰাপ্ত কেএলঅৰ বোমা বিশেষজ্ঞ আছিল আৰু ধৃত উত্তম ৰায় আৰু বিপুল ৰায়ৰ স্বীকাৰোক্তিৰ ভিত্তিতে কচুগাঁও আৰু কোকৰাঝাৰ আৰক্ষীয়ে কালি শান্তনু ৰায়ক গুৱাহাটীৰ মিনিষ্টাৰ কলনীৰ পৰা আটক কৰি কোকৰাঝাৰলৈ আনে ৷ মিনিষ্টাৰ কলনিত কোনো ব্যক্তিগত কোম্পানীৰ ইলেকট্ৰিচিয়ান হিচাপে শান্তনু ৰায়ে কাম কৰি আছিল বুলি জানিব পৰা গৈছে ।

Also Read: কথমপিহে বাছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন...