/asomiyapratidin/media/media_files/2025/03/07/04w0nRZZkTfjrMBM3Dpc.jpg)
কিষান মেলা - ২০২৫
ডিজিটেল ডেস্ক, চিৰাং: চিৰাং জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA)ৰ সহযোগত কাজলগাঁৱত জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় চৌহদত দু-দিনীয়া কাৰ্য্যসূচীৰে জিলা ভিত্তিক "কিষান মেলা - ২০২৫" অনুষ্ঠিত হয় ৷ শুকুৰবাৰে কিষান মেলাৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে । উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত যতীন বৰা, বিটিচিৰ কৃষি বিভাগৰ সচিব অমৰজ্যোতি বৰ্মন, বিটিচিৰ কৃষি বিভাগৰ সঞ্চালক ফণীধৰ ব্ৰহ্ম সহ অন্যান্য বিষয়া সকল উপস্থিত থাকে। কিষান মেলাৰ লগত সঙ্গতি ৰাখি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত বিটিচিৰ কৃষি বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা এছ অ' পি ডি আঁচনিৰ অধীনত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা জিলা কৃষি বিষয়াৰ নৱনিৰ্মিত কাৰ্য্যালয় গৃহৰ শুভ উদ্বোধন কৰা হয় ৷ জিলা আয়ুক্ত যতীন বৰাৰ উপস্থিতিত নৱনিৰ্মিত কাৰ্য্যালয় গৃহৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ৷ জিলা কৃষি বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কৃষি, উদ্যান শস্য, মীন, ৰেচম আৰু পশু পালন আৰু পশু চিকিৎসা বিভাগৰ ১২ খন ষ্টল দিয়া হৈছে ৷ কিষান মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক কৃষক সকলৰ উপৰি বিটিচিৰ কৃষি বিভাগৰ সচিব অমৰ জ্যেতি বৰ্মন, সঞ্চালক ফণীধৰ ব্ৰহ্ম, চিৰাং কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী চন্দন ডেকা, বিজনী মহকুমা কৃষি বিষয়া উপানন্দ পাটোৱাৰী সহ ভালেমান কৃষকে অংশ গ্ৰহণ কৰে।