/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/adfc.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰীত পৰা শিশু অপহৰণ কৰা এটা অপহৰণকাৰীক দেওবাৰে আটক কৰে। এটি ১৩ মহীয়া এটি শিশু অপহৰণ কৰি ৰঙা ঘৰৰ আলহী হ'ল মোজাহিদুল ইছলাম নামৰ এই অপহৰণকাৰীটো।
অপহৰণকাৰীটোৰ ঘৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটিত। শিশু অপহৰণকাৰী মোজাহিদুলক ইছলামে ভেৰভেৰিৰ আব্দুল আলী নামৰ এজন লোকৰ বাসগৃহৰ পৰা কৌশলেৰে এটি ১৩ মহীয়া শিশু অপহৰণ কৰাৰ পাছত শিশুটি লৈ পলাবলৈ চেষ্টা কৰে।
তেনে সময়তে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ সন্মুখৰ পৰা ৰাইজে হাতে লুটে ধৰি পাছত বটদ্ৰবা আৰক্ষীক গতাই দিয়ে। বৰ্তমান শিশু অপহৰণকাৰী মোজাহিদুলক বটদ্ৰৱা আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
আৰু পঢ়ক: ৯ আৰু ১০ মে'ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিষেধাজ্ঞা…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us