/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/trhgbv.jpg)
ডিজিটেল সংবাদ, গোলাঘাট: খুমটাইত বিভিন্ন দাবীৰে চাওতাল ছাত্ৰসন্থাৰ নেতৃত্বত বাইক ৰেলী ৷ সুকীয়া পৰিচয় বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে চাওতাল জনগোষ্ঠীয়ে।
চৰকাৰলৈ সংগঠনটোৱে ৰাখিছে বহুকেইটা দাবী। তাৰ ভিতৰত প্ৰধান এটা দাবী হ'ল চাওতাল জনগোষ্ঠীৰ লোকসকলক সুকীয়া মৰ্যদা প্ৰদান কৰক চৰকাৰে। চৰকাৰে কিন্তু এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই এই দাবী সমূহৰ সন্দৰ্ভত। সেয়েহে জনগোষ্ঠীটোৱে অব্যাহত ৰাখিছে প্ৰতিবাদ।
খুমটাইৰ সমীপৰ ৰাঙলীটিং চাওতাল ভৱনৰ পৰা গোলাঘাট জিলা চাওতাল ছাত্ৰ সন্থাই অসমৰ খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ বিভিন্ন দাবীত এক জন সজাগতা যাত্ৰা আৰম্ভ কৰে।সংগঠনটোৱে ৰঙামাটি,খুমটাই,শাওঁতলী আদি অঞ্চলত বাইক ৰেলী কৰি জন জাগৰন কাৰ্যসূচী ৰূপায়ন কৰে। বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ প্ৰতিবাদকাৰীয়ে । চৰকাৰে তেওঁলোকৰ দাবী সমূহ মানি নল'লে অনাগত দিনত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ ।
আৰু পঢ়ক: মৰিয়নিত আছুৰ শৈক্ষিক কোষ গঠন