খুমটাইত বিজেপিৰ চিনাতলী মণ্ডলৰ মণ্ডল কাৰ্যালয়‌ উন্মোচন...

খুমটাইত বিজেপিৰ চিনাতলী মণ্ডলৰ মণ্ডল কাৰ্যালয়‌ উন্মোচন...

ডিজিটেল ডেস্কঃ খুমটাইৰ চিনাতলীত বিজেপি দলৰ চিনাতলী মণ্ডলৰ দলীয়‌ কাৰ্যালয়‌ উন্মোচন কৰা হয় । এই কাৰ্যালয়টো‌ উন্মোচন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত এই কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল , যাৰ‌ পৰিপ্ৰেক্ষিতত এই কাৰ্যালয়টোৰ নাম শ্ৰীৰাম ভৱন ৰখাৰ ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ‌ কৰা হৈছিল । আজি এই কাৰ্যালয়টো বিধায়ক গৰাকীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ।

এই কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টী গোলাঘাট জিলা সভাপতি দেৱ প্ৰদীপ বৰা, বিজেপি গোলাঘাট জিলাৰ উপ-সভাপতিদ্বয় সত্যজিত বৰঠাকুৰ , হৰি প্ৰসাদ দত্ত ,সাধাৰণ সম্পাদকদ্বয় পৰাগ বৰা, সঞ্জীৱ দাস , খুমটাই সমষ্টিৰ বিজেপিৰ প্ৰভাৰী যতীন বৰা , বিধায়ক মৃণাল শইকীয়াৰ সহধৰ্মিনী জুৰি শইকীয়া, বিজেপিৰ চিনাতলী মণ্ডলৰ সভাপতি অমৰজ্যোতি বৰাৰ লগতে খুমটাই সমষ্টিৰ আটাইকেইটা মণ্ডলৰ দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in