ডিব্ৰুগড়ৰ নতুন শল'গুৰি গাঁৱত খ্ৰীং খ্ৰীং বাইথ’ পূজা...

ডিব্ৰুগড়ৰ নতুন শল'গুৰি গাঁৱত খ্ৰীং খ্ৰীং বাইথ’ পূজা...

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ ভুমিপুত্ৰ সোণোৱাল কছাৰীসকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰীং বাইথ’ পূজা তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ নতুন শল'গুৰি গাঁৱত চহৰীকটা আঞ্চলিক খ্রীং খ্রীৎ বাইথ' পূজা সমিতি আৰু নতুন শল'গুৰি গাঁৱৰ ৰাইজৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় । কৃষি ভিত্তিক খ্রীং খ্রীং বাইথ' পূজা সোণোৱাল কছাৰীসকলে অতীজৰে পৰা পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি আহিছে ।

উল্লেখ্য যে খ্রীং খ্রীং বাইথ' পূজাৰ পিছৰ পৰাই সোণোৱাল কছাৰী সকলে নতুন বছৰৰ আৰম্ভণি কৰে । চহৰীকটা আঞ্চলিক খ্রীং খ্রীৎ বাইথ' পূজা সমিতি আৰু নতুন শল'গুৰি গাঁৱৰ ৰাইজৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বাইথ’ পূজা প্ৰথম দিনা দেও নমোৱা, দ্বিতীয় দিনা মূল পূজা অনুষ্ঠিত হোৱাৰ লগতে অন্তিম দিনা বিহু নমোৱা অনুষ্ঠান অনুষ্ঠিত হয় ।

চহৰীকটা অঞ্চলৰ সোণোৱাল কছাৰী হায়দাং হুচৰী, লগবিহু, লেচেৰী আদি প্ৰদৰ্শন কৰাৰ লগতে নিশালৈ ৫০ টা ভাষাত গীত গায় এছিয়া বুক অফ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ ছাত্ৰী ডিকী সোণোৱালে গীতৰ শৰাই আগবঢ়ায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in