খ্ৰীং খ্ৰীং বাইথ পূজা সম্পন্ন: শান্তি - সম্প্ৰীতিৰ কামনা ধৰ্মপ্ৰাণ ৰাইজৰ

বিগত বৰ্ষৰ দৰে এইবাৰো চিলাপথাৰত উদযাপন কৰা হয় সোনোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং বাইথ পূজা (শিৱ)।

author-image
Asomiya Pratidin
New Update
খ্ৰীং খ্ৰীং বাইথ পূজা সম্পন্ন: শান্তি - সম্প্ৰীতিৰ  কামনা ধৰ্মপ্ৰাণ ৰাইজৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত বৰ্ষৰ দৰে এইবাৰো চিলাপথাৰত উদযাপন কৰা হয় সোনোৱাল কছাৰী সকলৰ আৰাধ্য দেৱতা খ্ৰীং খ্ৰী বাইথ পূজা (শিৱ)। চিলাপথাৰ চিলাগাওঁস্থিত সোনোৱাল কছাৰী জাতীয় কৃষ্টি বিকাশ কেন্দ্ৰৰ পূজাস্থলীত এইবাৰো অনুষ্ঠিত হয় ২৪ সংখ্যক খ্ৰী খ্ৰীং বাইথ পূজা।

Advertisment

দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত পূজাৰ প্ৰথমটো দিনা বিয়লি পূৰ্বাপৰ ৰীতি নীতিৰ মাজেৰে অনুষ্ঠিত হয় 'খিন ভঙা' পৰ্ব। এই গুৰুত্বপূৰ্ণ মাংগলিক অনুষ্ঠানত পৌৰোহিত্য কৰে পুজাৰী দিগন্ত সোনোৱাল (দুৰবিন) আৰু ঘনশ্যাম বাগলাৰীয়ে।

সোমবাৰৰ অন্তিম দিনটোৰ পুৱাৰ পৰাই পূজাস্থলীত ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। চিলাগাও,চিলাগুটুং, অমৃতপুৰ,মেচু কছাৰী, নৱজ্যোতি আদৰ্শ,শলখনি, কললোৱি,জলকীয়া সূতি আদি বৃহত্তৰ চিলাপথাৰ অঞ্চলটোৰ ১১ খনকৈ সোনোৱাল কছাৰী গাওঁৰ ৰাইজ সমবেত হয় পূজাৰ বাবে।

অপায় অমঙ্গল নাশি শান্তি আৰু সম্প্ৰীতিৰ আশীষ বিচাৰি তামোল পাণৰ টোপোলা,চাকী বাতি জ্বলাই নৈবেদ্য হিচাপে কুকুৰা আগবঢ়াই প্ৰণিপাত জনায় খ্ৰীং দেৱতাৰ চৰণত। অন্তিম দিনটোৰ মাংগলিক অনুষ্ঠান সঞ্চালনা কৰে পুৰুহিত চেনীৰাম সোনোৱাল,প্ৰীয় সোনোৱাল,উমাকান্ত সোনোৱাল আৰু ঘনশ্যাম বাগলাৰীয়ে। অনুষ্ঠানত প্ৰধান শিক্ষক ৰমেশ সোনোৱাল, সমাজকৰ্মী তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী পূৰ্ণকান্ত সোনোৱাল, সমাজকৰ্মী পোৱাল সোনোৱাল,দিগন্ত সোনোৱাল,কমল কছাৰী, ৰজনী সোনোৱাল,তীৰ্থ হাজৰীকা,স্থানীয় যুৱক সঞ্জীৱ ডেকাবৰুৱা আদি বহু লোক উপস্থিত থাকি বাইথ পূজাৰ তাৎপৰ্য সম্পৰ্কে সংক্ষেপে বক্তব্য প্ৰদান কৰে।

Also Read: লেতেৰা ৰাজনীতি! আজি আদালতত হাজিৰ কৰোৱা হ'ব দিল্লীৰ উপ-মুখ্যমন্ত্ৰীক