সাজু হওঁক! ৰাজ্যত অনুষ্ঠিত হব খেল মহাৰণ 2.o...

সাজু হওঁক! ৰাজ্যত অনুষ্ঠিত হব খেল মহাৰণ 2.o...

author-image
Asomiya Pratidin
New Update
সাজু হওঁক! ৰাজ্যত অনুষ্ঠিত হব খেল মহাৰণ 2.o...

ডিজিটেল ডেস্কঃ "এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগন"- ক্ৰীড়াৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি ৰাজ্য চৰকাৰে পুনৰ খেল মহাৰণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Advertisment

বিগত বৰ্ষৰ অভূতপূৰ্ব সাফল্যৰ পাছত এইবেলিও খেল মহাৰণ ২.o ৰ বাবে সাজু হৈছে অসম চৰকাৰ। সেই উপলক্ষে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ১৩ নৱেম্বৰত খেল মহাৰণ ২.o ৰ শুভাৰম্ভ কৰা হব। ৩০ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। পঞ্জীয়ন কৰিবলৈ ভিজিট কৰিব লাগিব- https://dsywassam.com/

উল্লেখ্যযোগ্য যে, তৃণমূল পর্যায়ত ক্রীড়া প্রতিভা চিনাক্তকৰণ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত অসমক এক সুকীয়া পৰিচয় প্ৰদানৰ লক্ষ্যৰে অনুষ্ঠিত কৰি আহিছে খেল মহাৰণ। খেল মহাৰণত অন্তৰ্ভুক্ত খেল সমূহ ক্ৰমে- এথলেটিকছ, ফুটবল, কাবাডী, ভলীবল।

ইয়াৰোপৰি এইবেলি অন্তৰ্ভুক্ত কৰা কেইটামান নতুন খেলে এই প্ৰতিযোগিতাখনিক এক বৃহত্তৰ পৰিসৰ প্ৰদান কৰিব। উক্ত খেল সমূহ হৈছে- দবা খেল, সাঁতোৰ, চাইকেল চলোৱা প্ৰতিযোগিতা।

স্থানীয় খেলুৱৈ সকলক পঞ্চায়ত পৰ্যায়ৰ পৰা উলিয়াই আনি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ মাজেৰে আগবাঢ়ি যোৱাত সহায়ৰ উদ্দেশ্যে চৰকাৰে খেল মহাৰণৰ আয়োজন কৰিছে। নিজ গাঁৱত জিলিকি থকা খেলুৱৈসকলে যাতে ৰাষ্ট্ৰীয় মঞ্চত জিলিকি উঠাৰ সুযোগ পাই সেয়াই খেল মহাৰণৰ লক্ষ্য আৰু উদ্দেশ্যে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ বৰ্ষত দিল্লীত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত খেল মহাৰণৰ প্ৰথম কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই অনুসৰি ১ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ অনুষ্ঠিত হৈছিল খেল মহাৰণ ৷

Also Read: দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ'ব অভিনেতা মিথুন চক্ৰৱৰ্তীক...

khel maharon 2.o