/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/78996b8b-439b-4774-8c2f-d71a572471e8/satra.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : ৪৫৫বছৰীয়া ঐতিহাসি দৰঙৰ খটৰা সত্ৰৰ পৰিচালনা সমিতিয়ে বিগত বছৰবোৰৰ দৰে এই বেলিও অহা ৩০ ভাদৰ পৰা ২ আহিন ৫৭৩ শঙ্কৰাব্দ , ১৬ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰ, ২০২২ খ্ৰীষ্টাব্দ লৈ পৰাম্পৰাগত ধৰ্মীয় সাত্বিকতা আৰু আড়ম্বৰপূৰ্ণ মেলামুখিতাৰে চাৰিদিনীয়া বৰ্ণময় কাৰ্যসূচীৰ আধাৰত পাচেতি মহোৎসৱৰ বিশাল আয়োজন কৰিছে ।
কাৰ্যসূচী অনুযায়ী ১৬ ছেপ্টেম্বৰ তাৰিখে পুৱা ৫ বজাত প্ৰাত: প্ৰসঙ্গ, ৯ বজাত সমূহিয়া নাম প্ৰসংগ, ১২-৩০ বজাত অস্থায়ী চিকিৎসা সেৱা কেন্দ্ৰৰ দ্বাৰ মুকলি, ১ বজাত পাচেতি মহোৎসৱৰ আদৰণি তোৰণ উন্মোচন, ৪-৩০ বজাত পাচেতি মহোৎসৱ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সম্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, ৫ বজাত পাচেতি পুস্তিকা উন্মোচন, ৬ বজাত বন্তি প্ৰজ্বলন, নিশা ৯ বজাত দধিমথন কৃষ্টি পৰিবেশন কৰিব বিশিষ্ট সাংস্কৃতিক কৰ্মী মৃত্যুঞ্জয় ডেকাই ।
১৭ ছেপ্টেম্বৰ ৩১ ভাদ শনিবাৰে পুৱা ৫ বজাত প্ৰাত প্ৰসঙ্গ, ৫-৩০ বজাৰ পৰা যান-বাহন শান্তিকৰণ শুভাৰম্ভ, ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই । ৯ পৰা ভাগত পাঠ ,১১ বজাত খটৰা সত্ৰ পুথিভঁৰাল উন্মোচন কৰিব স্থানীয় বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে । ১২ বজাত দধিমথন কৃষ্টি পৰিবেশন ।
১৮ ছেপ্টেম্বৰ ১ আহিন দেওবাৰ পুৱা ৫ বজাত প্ৰাত: প্ৰসংগ, ৫-৩০ বজাত স্বচ্ছ অভিযান, ১১ বজাৰ পৰা সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক বিচিত্ৰানুষ্ঠান ।
১৯ ছেপ্টেম্বৰ ২ আহিন সোমবাৰে পুৱা ১০ বজাৰ পৰা দিহানাম নাম প্ৰতিযোগীতা উদ্বোধন কৰিব বিশিষ্ট সমাজ সেৱিকা দিপালী বৰুৱাই ।
সন্ধিয়া ৫ বজাত ধৰ্মধ্বজা অৱনমন, ৬ বজাত বন্তি প্ৰজ্বলন, সন্ধিয়া ৭ বজাত শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত 'ৰাম বিজয়' ভাওনা পৰিবেশন কৰিব খটৰা সত্ৰৰ শিল্পী আৰু কলা- কুশলীসকলে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী তথা জ্যোতি চিত্ৰবনৰ সঞ্চালক বিদ্যাসাগৰ।