বিপিএফ দলৰ প্ৰতাপী নেতা খাম্ফা বৰগয়াৰী বিজেপিত যোগদান কৰাৰ কুচকাৱাজ চলাইছে নেকি ?

বিপিএফ দলৰ প্ৰতাপী নেতা খাম্ফা বৰগয়াৰী বিজেপিত যোগদান কৰাৰ কুচকাৱাজ চলাইছে নেকি ?

author-image
asomiyapratidin
New Update
বিপিএফ দলৰ প্ৰতাপী নেতা খাম্ফা বৰগয়াৰী বিজেপিত যোগদান কৰাৰ কুচকাৱাজ চলাইছে নেকি ?

ডিজিটেল সংবাদ, চিৰাং : বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য তথা বিপিএফ দলৰ প্ৰতাপী নেতা খাম্ফা বৰগয়াৰী বিজেপিত যোগদান কৰাৰ কুচকাৱাজ চলাইছে নেকি ? মঙলবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ এলেকাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ ল'বলৈ অহাৰ পিছত লাওখ্ৰীগুৰী গাঁৱত ৰাজহুৱা ভাবে খাম্ফা বৰগয়াৰীৰ যিধৰনৰ কাৰ্য্যকলাপ দেখিবলৈ পোৱা গল তাৰ পৰা প্ৰত্যক্ষদৰ্শী লোক সকলে তেনেধৰণেই ভাবিবলৈ বাধ্য হৈছে ।

Advertisment

পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী অনুযায়ী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজলা নৈৰ বানপানী আৰু গৰাখহনীয়াত ক্ষতিগ্রস্থ লোক সকলে আশ্ৰয় গ্ৰহণ কৰা নাকিদাৰা- লাওখ্ৰীগুৰী আশ্ৰয় শিৱিৰ পৰিদৰ্শন কৰাৰ কথা । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আশ্ৰয় শিৱিৰত অহাৰ কিছু সময়ৰ আগতে হাতত ডাঙৰ ফুলৰ থোকা লৈ আশ্ৰয় শিৱিৰত আহি উপস্থিত হয় বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী ।

লক্ষ্যনীয় বিষয় যে সেই সময়ত খাম্ফা বৰগয়াৰীৰ লগত সঙ্গী হিচাপে আছিল এসময়ত তেখেতৰ সতীৰ্থ তথা বৰ্তমান বিজেপি দলৰ এমচিএলএ ৰাজীৱ ব্ৰহ্ম । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নাকিদাৰা গাঁৱৰ অস্থায়ী হেলিপেডৰ পৰা বাহনেৰে লাওখ্ৰীগুৰী আশ্ৰয় শিৱিৰত অহাৰ লগে লগে খাম্ফা বৰগয়াৰীয়ে সকলোৰে আগত আগবাঢ়ি গৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এখন ফুলৰ থোকা আৰু আৰনাইৰে উষ্ম আদৰণি জনায় । ফুল গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়েও খাম্ফা বৰগয়াৰীক পিছত লগ দিবা বুলি কোৱা শুনিবলৈ পোৱা যায় ।

তাৰ পিছতেই মুখ্যমন্ত্ৰী গৰাকী বানগ্ৰস্থ লোকৰ সৈতে মিলিত হবলৈ আগবাঢ়ি যোৱাৰ পিছত খাম্ফা বৰগয়াৰীয়ো তাৰ পৰা আঁতৰি গুচি যায় । আজি অঞ্চলটোৰ এসময়ৰ স্থানীয় এমচিএলএ তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ এই দৃশ্য দেখাৰ পিছত তাত উপস্থিত থকা ৰাজনৈতিক ভাবে সচেতন লোক সকলৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে যে বিপিএফ দল ত্যাগ কৰি খাম্ফা বৰগয়াৰী বিজেপি দলত যোগদান কৰিব নেকি ? অপেক্ষা এতিয়া সময়ৰ ।

আৰু পঢ়ক: কাম কৰি থকা অৱস্থাতে বিদ্যুৎ সংযোগ, বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এজন সংকটজনক…

assam bpf bjp