/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/eee5bb8e-5899-406d-bc1d-4aa1457b7d08/WhatsApp_Image_2023_03_20_at_19_59_40.jpeg)
অসমত অমৃতপাল সিঙৰ ককাক ! ডিব্ৰুগড় জেললৈ আৰু আহিব খালিস্তানী...
ডিজিটেল ডেস্কঃ পুনৰ ডিব্ৰুগড়লৈ অনা হ'ব পঞ্জাৱৰ ৭ জন খালিস্তান সমৰ্থকক। 'ৱাৰিছ পাঞ্জাৱ ডে'ৰ এই সদস্যকেইজনক ডিব্ৰুগড় কাৰাগাৰলৈ অনাৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ হাতত পৰা তথ্য অনুসৰি মঙ্গলবাৰে পঞ্জাৱৰ পৰা ৭ জন 'ৱাৰিছ পঞ্জাৱ ডে'ৰ সদস্যক ডিব্ৰুগড়লৈ অনা হ'ব। এই ৭জন সদস্যৰ মাজত আছে অমৃত পাল সিঙৰ ককাক হৰজীত সিঙো।
বায়ু সেনাৰ বিমানৰ জৰিয়তে এই খালিস্তান সমৰ্থক কেইজনক ডিব্ৰুগড়লৈ স্থানান্তৰ কৰা হ'ব। সেয়ে জেলৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। নিৰাপত্তাৰ বাবে অসম আৰক্ষী জোৱান আৰু চি আৰ পি এফ মোটায়ন কৰা হৈছে।
কাৰাগাৰৰ চাৰিওদিশে কামাণ্ডু বাহিনী নিয়োগ কৰা হৈছে। জেলৰ প্ৰৱেশদ্বাৰত মেটেল ডিটেক্টৰ স্থাপন কৰা হৈছে। পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে চি চি কেমেৰা।
উল্লেখ্য যে ইয়াৰ পূৰ্বে পঞ্জাৱৰ পৰা আন ৪ গৰাকী খালিস্তান সমৰ্থক তথা 'ৱাৰিছ পঞ্জাৱ ডে'ৰ সদস্যক ডিব্ৰুগড় কাৰাগাৰলৈ অনা হৈছিল। তেওঁলোক ক্ৰমে, দলজীত কালসী, বসন্ত সিং, গুৰমীত সিং ভূখানৱালা আৰু ভগৱন্ত সিং।
এই চাৰিগৰাকী ৱাৰছ পঞ্জাৱ ডেৰ সদস্যৰ লগতে নতুনকৈ আনিবলগীয়া ৭ গৰাকী সদস্যৰ সৈতে মুঠ ১১ গৰাকী খালিস্তান সমৰ্থকক অহা ৩ মাহৰ বাবে ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থাকিব।
Also Read: জেৰাৰ নামত কি চলিছে? মনিষ চিছোদিয়াই ক'লে আদালতক...