খাগৰিজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ড° সৰ্বেশ্বৰ ৰাজগুৰুৰ বিষয়ে আজিও ভালদৰে চৰ্চা হোৱা নাই- ৰতি মোহন নাথ ।

author-image
Asomiya Pratidin
New Update
খাগৰিজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

KHAGORIJAN COLLEGE KHAGORIJAN COLLEGE

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁৱৰ অগ্ৰনী শিক্ষা প্ৰতিষ্ঠান খাগৰিজান মহাবিদ্যালয়ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেশ নাথে পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে৷

Advertisment

ছহিদ তৰ্পণ অনুষ্ঠান মুকলি কৰে উপাধক্ষ্য ড° জোনাৰাম নাথে ৷ দিনৰ ১১ বজাৰ পৰা মহাবিদ্যালয়খনৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভাৰ সহযোগত ''ক্ৰান্তদৰ্শী: ড° সৰ্বেশ্বৰ ৰাজগুৰুৰ জীৱন আৰু সাহিত্য" শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়৷

বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক তথা নগাঁও জিলা সাহিত্যসভাৰ প্ৰাক্তন সভাপতি ৰতি মোহন নাথে কয় - নিখুট, পোনপটীয়া কথনভংগীৰ ৰচনা শৈলীৰে ড°সৰ্বেশ্বৰ ৰাজগুৰুৱে অসমীয়া সাহিত্যলৈ বৰ্ণাঢ্য অবদান আগবঢ়াই থৈ গৈছে।

সহজ - সৰল মনৰ অধিকাৰী এইজনা মহান সাহিত্যিকৰ অবদানৰ বিষয়ে আজিও ভালদৰে চৰ্চা হোৱা নাই ৷ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতা অনুষ্ঠান উদ্বোধন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাই ৷

অনুষ্ঠানতে মহাবিদ্যালয়খনৰ ইতিবৃত্ত আৰু খাগৰিজানৰ ইতিহাস ব্যাখ্যা কৰে প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা চেলিমা চুলতানা খণ্ডকাৰে ৷ সভাত নগাঁও জিলা সাহিত্য সভাৰ উপ-সভাপতি থগিত মহন্ত , সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষা চিত্ৰা বৰা,মামনি ভূঞা,প্ৰতিষ্ঠা কালৰ অধ্যক্ষ অৰুণ বিকাশ দত্ত আদিয়ে অংশগ্ৰহণ কৰে ৷

সভাত মহাবিদ্যালয়খনৰ অধ্যাপক - অধ্যাপিকা ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক মুন চন্দ্ৰ গুণ ,সাংবাদিক কনক হাজৰিকা আদি উপস্থিত থাকে ৷ আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষ ড০ ৰমেশ নাথে। সভাতেই খাগৰিজান মহাবিদ্যালয়ত অসম সাহিত্য সভাৰ এটি শাখা গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সন্ধ্যা বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ মুখ্য কাৰ্যালয় সহায়ক দিগেন বৰাই।

nagaon KHAGORIJAN COLLEGE