/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/keshab-mahanta-koliabor.jpg)
ডিজিটেলসংবাদ কলিয়াবৰ: অসমত কোনো কাৰণত পুনৰ লকডাউন নহয়। -কলিয়াবৰত সোমবাৰে বিয়লি সংবাদ মেলত এই ঘোষণা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ। কোভিড প্ৰট'কল সকলোকে মানি চলিবলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ।
বিগত ৬ সপ্তাহত কোৰোনা সংক্ৰমণ বৃদ্ধিৰ হাৰ পূৰ্বতকৈ কমিছে বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে। সকলোকে দুই পালি ভেকচিন ল'বলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথম পালি আৰু দ্বিতীয় পালি মিলাই বৰ্তমানলৈকে মুঠ ২ কোটি ৪২ লাখৰো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে বুলি প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ।
বৰ্তমান চৰকাৰৰ ঘৰত ৪৪ লাখ ভেকচিন জমা আছে। নৱেম্বৰ মাহৰ পৰা ভেকচিন লোৱাটো বাধ্যতামূলক আৰু সকলো আঁচনিৰ হিতাধিকাৰীয়ে ভেকচিন লোৱা প্ৰমাণ পত্ৰ দেখুৱাব লাগিব বুলিও প্ৰকাশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us