ৰাজ্যত অতিশীঘ্ৰেই স্থাপন হ’ব হকী একাডেমী…

ৰাজ্যত অতিশীঘ্ৰেই স্থাপন হ’ব হকী একাডেমী…

author-image
asomiyapratidin
New Update
ৰাজ্যত অতিশীঘ্ৰেই স্থাপন হ’ব হকী একাডেমী…

ডিজিটেল সংবাদ , নগাঁও :অসমত হব হকী একাডেমী- অসম হকীৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই এই মন্তব্য আগবঢ়াই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ ৰবিবাৰে আমনি এছ আই আৰ ডিত অনুষ্ঠিত বাৰ্ষিক সাধাৰন সভাত কেশৱ মহন্ত অসম হকীৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ৷ আগন্তুক কাৰ্যকালৰ বাবে নগাঁৱৰ তপন কুমাৰ দাস সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হয় সমুদ্ৰ বুঢ়াগোহাঞি ৷

আগন্তুক কাৰ্যকালৰ বাবে জেষ্ঠ উপসভাপতি কিশোৰ জয়ন্ত মাধব , উপ সভাপতি মোহন চন্দ্ৰ বৰা , অৰূপ কশমাৰ কলিতা , কল্যানী ডেকা ,অন্তৰিপা বৰা নিৰ্বাচিত হৈছে ৷

যুটীয়া সম্পাদক হিচাপে প্ৰেমানন্দ খনিকৰ , জিতু বৰদলৈ , বিজয়া বৰদলৈ , প্ৰমিলা ৰংপিপি আৰু সহকাৰী সম্পাদক হিচাপে মৃনাল জ্যোতি চহৰীয়া , সঞ্জিত পাণ্ডে , সুনিতা দহাঙ্গিয়াৰী , খুচবু শ্বাহ বৰা নিৰ্বাচিত হয় ৷

ছজনীয়া কাৰ্যনিবাহক হিচাপে নিৰ্বাচিত হয় ৰনেন শৰ্মা , সঞ্জীব ৰাজ , চাৰজী টেৰঙ , সঞ্জয় কৌৰ , শৰ্বানী নাথ আৰু মিনু মাই নাথ ৷ নবনিৰ্বাচিত অসম হকীৰ সভাপতি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এইবাৰৰ কাৰ্যকালত এখন হকী একাডেমি স্থাপনৰ বাবে কাম কৰিব বুলি কয় ৷

nagaon hockey academy assam