”গাঁৱৰ শিশুহঁতে যাতে হীনমন্যতাত ভুগিবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ”

”গাঁৱৰ শিশুহঁতে যাতে হীনমন্যতাত ভুগিবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ”

author-image
asomiyapratidin
New Update
”গাঁৱৰ শিশুহঁতে যাতে হীনমন্যতাত ভুগিবলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধ  পৰিকৰ”

ডিজিটেল সংবাদ,গোলাঘাট, : অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই দেওবাৰে গোলাঘাট জিলাত দুটা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰে ।প্ৰথমে তেওঁ ১নং ফৰকাটিং আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো মুকলি কৰে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অংগনৱাড়ী কেন্দ্ৰসমূহ শিশুৰ বুনিয়াদ গঢ়াৰ প্ৰথমটো ঢাপ বুলি উল্লেখ কৰি কয় যে এইবছৰ বাজেটত দুহেজাৰটা অতিৰিক্ত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ধাৰ্য কৰা হৈছে ।

Advertisment

তেওঁ কয় যে গাঁৱৰ শিশুহঁতে যাতে কেতিয়াও হীনমন্যতাত ভুগিবলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰকেই আদৰ্শ হিচাপে গঢ় দিব বিচাৰিছে । প্ৰতিটো শিশুৱে ভাল পৰিৱেশত ভাল আন্তঃগাঁথনিত যাতে শিক্ষা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ কয় । তেওঁ কয় যে এতিয়া ৰাজ্যখনলৈ পৰিৱৰ্তন আহিছে আৰু এই পৰিৱৰ্তনৰ ফচল আমি উন্নয়নৰ ধাৰাত প্ৰত্যক্ষ কৰিছো।

তেওঁ নিজৰ ল'ৰা-ছোৱালীক এই অংগনৱাড়ী কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ, জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰী আৰু অসম গণ পৰিষদ দলৰ জিলা সভাপতি ডঃ নৃপেন বৰুৱা উপস্থিত আছিল । ইয়াৰ পিছতেই তেওঁ ঊষা গৰঙা চাহ বাগিচাত স্থাপন কৰা ৫ নং ঊষা বাগান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰটো মুকলি কৰে ।

অনুষ্ঠানত উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, অগপৰ জিলা সভাপতি, পদুমনি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমনি সন্দিকৈ বৰা আৰু জিলা সমাজ কল্যাণ বিষয়া উপস্থিত আছিল । দুয়োটা অনুষ্ঠানতে অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকা, কেন্দ্ৰ নিৰ্মাণ সমিতি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল ।

আৰু পঢ়ক: পলাতক মৃদুপৱন নেওগে হেনো দিব ৰাষ্ট্ৰীয় ৰাজনীতিত খোজ…

assam golaghat