/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5cf8681e-36ba-456b-82f7-1ead6fed07a0/lott.jpg)
kerala man wins 25 cr lottery
ডিজিটেল ডেস্ক: দেওবাৰে কেৰালাৰ এজন ব্যক্তিয়ে লটাৰীত লাভ কৰে ২৫ কোটি টকা। অনাম বাম্পাৰ লটাৰীত তেওঁ এই ধন লাভ কৰিবলৈ সক্ষম হয়। অনুপ নামৰ অটো-ৰিক্সা চালক জনে ৰান্ধনী হিচাপে কাম কৰিবলৈ মালয়েছিয়া লৈ যাবলৈ প্ৰস্তুতি চলাই আছিল।
শ্ৰীভাৰাহামৰ বাসিন্দা অনুপে শনিবাৰে এটা লটাৰীৰ টিকট ক্ৰয় কৰিছিল। লটাৰী জিকাৰ এদিন আগতে শনিবাৰে এটা লটাৰী টিকট (টি-750605) কিনিছিল। আৰু তাৰএ দিন পাছতেই লাভ কৰে ২৫ কোটি টকা।
অনুপে কয় যে তেওঁ ক্ৰয় কৰা প্ৰথম টিকটটো তেওঁ ভাল পোৱা নাছিল, সেয়েহে তেওঁ দ্বিতীয় টিকটটো ক্ৰয় কৰিছিল। তেওঁ জনাই যে যোৱা ২২ বছৰ ধৰি লটাৰী টিকট ক্ৰয় কৰি আহিছে আৰু এতিয়ালৈকে তেওঁ মাত্ৰ কেই হাজাৰ মান টকাহে পাইছিল।
কৰ্তন হোৱাৰ পাছত প্ৰায় ১৫ কোটি টকা লাভ কৰিব অনুপে। এই টকাৰে তেওঁ প্ৰথমে ঘৰ নিৰ্মাণ আৰু ঋণ পৰিশোধ কৰিব বুলি কয়। লগতে কয় যে আত্মীয়কো সহায় কৰিব আৰু কেৰালাত এখন হোটেলৰ কাম আৰম্ভ কৰিব।