/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/bcee429e-523c-4efa-91e7-5ad6c290a760/kejriwal.jpg)
ডিজিটেল ডেস্ক : ভাৰতীয় টকাত মহাত্মা গান্ধীৰ পৰিৱৰ্তে নেতাজী সুভাষ চন্দ্ৰ বসুৰ নহয়, এইবাৰ হিন্দুৰ আৰাধ্য লক্ষ্মী আৰু গণেশৰ ছবি সন্নিৱিষ্ট কৰাৰ দাবী উত্থাপন হৈছে। আশ্চৰ্যজনক ভাৱে এই দাবী উত্থাপন কৰিছে সততে তুলুঙা কথাৰ পৰিৱৰ্তে কাম আৰু উন্নয়নৰ কথাৰে ৰাজনীতি কৰা বুলি দাবী কৰা অৰবিন্দ কেজৰিৱালে ।
চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'ব বিধাসভাৰ নিৰ্বাচন। এই নিৰ্বাচনত এইবাৰ শক্তিশালী ৰূপত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যৰে প্ৰচাৰ তীব্ৰতৰ কৰিছে আম আদমী পাৰ্টীয়ে। দিল্লীৰ পিছত পঞ্জাৱ দখল কৰা আম আদমী পাৰ্টীয়ে গুজৰাটক বিজেপিৰ পৰা কাঢ়ি নিজৰ দখললৈ নিবলৈ সক্ষম হব বুলি আশা কৰিছে।
পূৰ্বৰ দৰেই বিজেপিয়ে সাম্প্ৰদায়িক কথা-বতৰাৰে আৰম্ভ কৰা নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেজৰিৱালে গুজৰাটত বিভিন্ন চমক সৃষ্টি কৰিব পৰা আঁচনিৰ কথা ঘোষণা কৰিছে। দিল্লী আৰু পঞ্জাৱৰ উদাহৰণ দি সৰ্বসাধাৰণৰ মাজত সোমাবলৈ চেষ্টা কৰিছে।
এনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেজৰিৱালে দাবী কৰিছে যে, ভাৰতীয় টকাত আৰাধ্য দেৱী লক্ষ্মী আৰু দেৱতা গণেশৰ ছবি সন্নিৱিষ্ট কৰিব লাগে। এনে কৰিলে দেশৰ অৰ্থ ব্যৱস্থাৰ উন্নতি হোৱাৰ আশা ব্যক্ত কৰি কেজৰিৱালে এই সম্পৰ্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ চিঠিও লিখিব বুলি মন্তব্য কৰিছে।
এক সংবাদ মেলত কেজৰিৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাৰতীয় মুদ্ৰাত লক্ষ্মী আৰু গণেশৰ ছবি সন্নিৱিষ্ট কৰিবলৈ দাবী জনাইছো। যদি আমাৰ দেশৰ মুদ্ৰাত লক্ষ্ণী আৰু গণেশৰ ছবি থাকে তেনে আমাৰ অৰ্থ ব্যৱস্থাৰ উন্নতি হব। তেওঁৰ মতে নতুন মুদ্ৰাত এফালে মহাত্মা গান্ধীৰ ছবি থকাৰ বিপৰীতে আনটো ফালে লক্ষ্মী আৰু গণেশৰ ছবি ৰাখিব পৰা যায়। ইয়াৰ ফলত সমগ্ৰ দেশে আশীৰ্বাদ লাভ কৰিব।
কেজৰিৱালে এই ক্ষেত্ৰত মুছলমান প্ৰধান দেশ ইণ্ডোনেছিয়াৰ উদাহৰণো আগবঢ়াইছে। তেওঁ কয় যে, ইণ্ডোনেছিয়াত হিন্দুলোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ২ শতাংশৰো তলত। তথাপিও দেশখনে তেওঁলোকৰ মুদ্ৰাত গণেশৰ ছবি সন্নৱিষ্ট কৰিছে। তেওঁৰ মতে দেৱ-দেৱীৰ আশীৰ্বাদ অবিহনে আমাৰ প্ৰচেষ্টা কেতিয়াও সফল নহয়।
অৱশ্যে কেজৰিৱালৰ এই মন্তব্যক এতিয়া উভতি ধৰিছে হিন্দুত্ববাদী ধ্যান ধাৰণাৰে পৰিপুষ্ট ভাৰতীয় জনতা পাৰ্টীয়ে। বিজেপি সাংসদ মনোজ তিৱাৰীয়ে আম আদমী পাৰ্টীক সমালোচনা কৰি কয় যে, আম আদমী পাৰ্টী ফটো আঁতৰোৱা পাৰ্টী, ফটো লগোৱা পাৰ্টী নহয়। ৰাজনীতিৰ বাবে কেজৰিৱালে যিকোনো কামেই কৰিব পাৰে।