/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5b2491e2-24c7-4b4a-9d76-140d0daace3c/mariyani.jpg)
ডিজিটেল সংবাদ, মৰিয়নি :- মৰিয়নি নিউ সোণোৱালৰ দুজন যুৱকে চাইকেলেৰে ভ্ৰমণ কৰিলে কেডাৰনাথ ধাম । মৰিয়নি নিউ সোনোৱালৰ কৰিশ্মান চেতিয়া আৰু কিষাণ কোঁৱৰ নামৰ দুজন যুৱকে ১ জুনত তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল।
প্ৰথমে শিলিগুৰি পৰা নেপাল ভ্ৰমণ কৰে আৰু নেপালৰ পৰা কেডাৰনাথ ধাম যায়। তাৰ পাছত দিল্লীহৈ যুৱকদ্বয়ে ১০১ দিনৰ চাইকেল যাত্ৰাৰ পিছত ১০ ছেপ্টেম্বৰৰ নিশা ঘৰত উপস্থিত হয়।
সুদীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি যুৱকদুজন আহি মৰিয়নিত উপস্থিত হোৱাৰ লগে লগে নিউ সোনোৱালবাসী আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে তেওঁলোকক ব্যাপক আদৰণি জনায়।