/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e355aa37-93c2-4d37-87b8-1762e24a9023/mknkn.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ কেৱল নামতহে আছে যেন মন্ত্ৰী অতুল বৰাৰ পশু চিকিৎসা বিভাগ।খোদ মন্ত্ৰীৰ গৃহ সমষ্টিতে ভূত বঙলালৈ পৰিণত হৈছে পশু চিকিৎসালয়।
বোকাখাত সমষ্টিৰ অন্তৰ্গত কাজিৰঙাৰ গেলেকীত থকা পশু চিকিৎসা বিভাগৰ এটা উপ-স্বাস্থ্য কেন্দ্ৰই উন্মোচন কৰিছে ৰাজ্যৰ পশু চিকিৎসা বিভাগৰ ফোপোলা স্বৰূপ।বিগত ছয় বছৰে বন্ধ হৈ থকা উপস্বাস্থ্য কেন্দ্ৰটো এতিয়া হাবি জংঘলেৰে আবৰি ধৰিছে। বিধ্বস্ত তথা জৰাজীৰ্ণ হৈ পৰিছে পশু চিকিৎসালয়খন।
স্থানীয় লোকৰ মতে আজিলৈ কোনো কৰ্মচাৰী চিকিৎসালয়খনত নিয়োগ কৰা নহ'ল। ফলত জহি খহি যোৱা পশু চিকিৎসালয়খনত অনৈতিক কাৰ্যকলাপ চলাৰো অভিযোগ উত্থাপন হৈছে। বিভাগীয় মন্ত্ৰীক বাৰে বাৰে আবেদন জনোৱাৰ পিছতো এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মন্ত্ৰী অতুল বৰাই। কাজিৰঙাৰ প্ৰায় ১৫ খনকৈ গাঁওক এই পশু চিকিৎসালয়খনে সামৰি লৈছিল যদিও এতিয়া বিশেষকৈ বানপানীৰ সময়ত পশুধনৰ চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে স্থানীয় ৰাইজ।
Also Read: কাজিৰঙাত বিদ্যুতৰ লুকাভাকু, অতিষ্ঠ জনসাধাৰণ