
ডিজিটেল সংবাদ, কাজিৰঙাঃ সমাগত কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ ৷অৱশ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে কেতিয়া মুকলি কৰা হ’ব সেই কথা বন বিভাগে স্পষ্ট কৰা নাই যদিও বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অক্টোবৰ মাহৰ তৃতীয় সপ্তাহত উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ৷গতিকে নতুন পৰ্যটন বৰ্ষত দেশী বিদেশী পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙাৰ ব্যক্তিগত খণ্ডৰ হোটেল ৰিজৰ্টতকে আদি কৰি পৰ্যটন উদ্যোগী সকল ৷
যি সময়ত কাজিৰঙাৰ প্ৰায় সংখ্যক ব্যক্তিগত পৰ্যটক নিবাসত সম্পন্ন হৈছে আগতীয়া বুকিং, সেই সময়ত মেৰামতিৰ অজুহাতত ২০২৪ ৰ ফেব্ৰুৱাৰী মাহ পৰ্যন্ত বুকিং ল’বলৈ অপাৰগ কাজিৰঙাৰ অসম পৰ্যটন বিভাগৰ পৰ্যটক নিবাস ৷উল্লেখ্য যে অসম পৰ্যটনৰ অতিথিশালাৰ দুৰবস্থাৰ বিষয়ে প্ৰতিদিন টাইমত সম্প্ৰচাৰ কৰিছিলো ধাৰাবাহিক প্ৰতিবেদন ৷ আৰু ইয়াৰ পাছতে পৰ্যটন বৰ্ষ আৰম্ভণিৰ সময়ছোৱাত চৰকাৰী খণ্ডৰ বনানি,বনশ্ৰী আৰু কুঞ্জবনৰ মেৰামতি কাম আৰম্ভ কৰিছে পৰ্যটন বিয়াগোম বিভাগেটোয়ে ৷
উল্লেখযোগ্য যে কাজিৰঙালৈ অহা বহু পৰ্যটকৰ প্ৰথম পচণ্ড চৰকাৰী পৰ্যটক নিবাস ৷ নিৰ্ভৰযোগ্য বুলি ধাৰণা থকা পৰ্যটকে স্বাভাবিকতে গুৰুত্ব দিয়ে চৰকাৰী প্ৰতিষ্ঠানক ৷ বছৰ বছৰ ধৰি এই কথাৰ উমান পাই আহিছে ৰাজ্যৰ পৰ্যটন বিভাগে ৷ তাৰপাছতো বিভাগটোৰ আওকণীয়া মনোভাৱৰ বাবে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাজিৰঙাত ৷ আনহাতে পৰ্যটকৰ আকৰ্ষণৰ বাবে বাবে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰস্তুতি চলাৰ সময়ত বিভাগটোৰ কৰ্মচাৰীৰ আবাস গৃহৰ দুৰৱস্থা দেখিলে পৰ্যটকেও ভাবিবলৈ বাধ্য হ’ব কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰকৃত স্বৰূপ ৷