২৩ বছৰ পুৰণি কাজিৰঙাৰ এখন বিশেষ চিকিৎসালয়

২৩ বছৰ পুৰণি কাজিৰঙাৰ এখন বিশেষ চিকিৎসালয়

author-image
Asomiya Pratidin
New Update
২৩ বছৰ পুৰণি কাজিৰঙাৰ এখন বিশেষ চিকিৎসালয়

ডিজিটেল সংবাদ, কাজিৰঙাঃ ২৩ বছৰ পুৰণি কাজিৰঙাৰ এখন বিশেষ চিকিৎসালয়। কিন্তু চিকিৎসালয়খনত প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ। কিয়নো কেন্দ্ৰটোত চিকিৎসা তথা প্ৰতিপালন কৰা হয় কেৱল আহত তথা দুৰ্গত বন্যপ্ৰাণীকহে ৷ Wildlife trust of India চমুকৈ WTIৰ উদ্যোগত ২০০০ চনত কাজিৰঙাৰ পানবাৰীত স্থাপন কৰা হৈছিল বন্যপ্ৰাণী চিকিৎসা কেন্দ্ৰটো ৷

Advertisment

কাজিৰঙাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গত বন্য প্ৰাণী উদ্ধাৰ,চিকিৎসা আৰু পুনৰ সংস্থাপনৰ বাবে Center for wildlife rehabilitation and conservation চমুকৈ CWRC নামেৰে ২০০০ চনত স্থাপন কৰা কেন্দ্ৰটোৱে অতিক্ৰম কৰিছে ২৩টা বছৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ তত্বাৱধানত বিগত ২৩ বছৰত কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰা হৈছে পক্ষী,সৰীসৃপ,স্তন্যপায়ী আদি (২৫০) টাৰো অধিক প্ৰজাতিৰ (ছহেজাৰ পাচশ) বন্যপ্ৰাণী৷

কাজিৰঙাৰ পানবাৰীত কেন্দ্ৰস্থল হিচাপে লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্থাপন কৰা হৈছে কেইবাটাও উপকেন্দ্ৰ ৷ বিশেষ ভাৱে বানৰ সময়ত ব্যস্ততা বাঢ়ে কেন্দ্ৰটোৰ চিকিসক কৰ্মচাৰীৰ৷কেন্দ্ৰটোত বৰ্তমান চিকিৎসকৰ তত্বাৱধানতআছে ,হাতী,গঁড়,নাহৰফুটুকী,হৰিণাকে ধৰি বহু বন্যপ্ৰাণী ৷

Also Read: ৰাজনীতিৰ আঙুৰ...

kaziranga national park