এৰি পলু সংৰক্ষণৰে জীৱিকাৰ পথ মোকলাইছে কাজিৰঙাৰ অঞ্জলি গগৈয়ে

ক্ৰমান্বয়ে বিলুপ্ত হ’বলৈ ধৰা এৰি পলু সংৰক্ষণৰ মাজেৰে জীৱিকাৰ পথ মুকলাইছে কাজিৰঙাৰ লুখুৰাখনীয়া গাঁৱৰ অঞ্জলি গগৈ নামৰ এগৰাকী মহিলাই ৷

author-image
Asomiya Pratidin
New Update
এৰি পলু সংৰক্ষণৰে জীৱিকাৰ পথ মোকলাইছে কাজিৰঙাৰ অঞ্জলি গগৈয়ে

ডিজিটেল সংবাদ, কাজিৰঙাঃ ক্ৰমান্বয়ে বিলুপ্ত হ’বলৈ ধৰা এৰি পলু সংৰক্ষণৰ মাজেৰে জীৱিকাৰ পথ মোকলাইছে কাজিৰঙাৰ লুখুৰাখনীয়া গাঁৱৰ অঞ্জলি গগৈ নামৰ এগৰাকী মহিলাই ৷ সৰুতে পিতৃ গৃহত পলু পোহাৰ অভিজ্ঞতা লাভ কৰি বিয়াৰ পাছত সেই অভিজ্ঞতাক সাৰথি হিচাপে লৈ পৰিয়ালৰ উপাৰ্জনৰ পথ মুকলাই আহিছে অঞ্জলি গগৈয়ে ৷

Advertisment

সূতা কাটি তাঁতশালত এৰি চাদৰ বোৱাৰ পৰা সকলো কাম নিজহাতে কৰি অহা অঞ্জলি গগৈয়ে ঘৰতে তৈয়াৰ কৰি লৈছে বজাৰ ৷ তেওঁৰ ঘৰৰ পৰাই বিভিন্ন জনৰ লগতে পৰ্যটকেও ক্ৰয় কৰে এৰি চাদৰ ৷ কেৱল এৰি চাদৰেই নহয় ৷ মহিলা গৰাকীয়ে ঘৰতে বোৱা গামোচা মেখেলাচাদৰ বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধন ৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে প্ৰয়োজনীয় আহিলা সমূহ গোটাই লোৱাৰ বাবে অঞ্জলি গগৈয়ে বহু আৱেদন নিবেদন কৰিও আজি পৰ্যন্ত চৰকাৰৰ পৰা পোৱা নাই কোনো সাসুবিধা ৷

Also Read: ৱাশ্বিং মেছিন...

kaziranga national park