কাজিৰঙাৰ পথ দুৰ্ঘটনাত নিহত দুজনৰ পৰিচয় উদ্ধাৰ

কাজিৰঙাৰ হালধিবাৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
কাজিৰঙাৰ পথ দুৰ্ঘটনাত নিহত দুজনৰ পৰিচয় উদ্ধাৰ

ডিজিটেল ডেস্কঃ কাজিৰঙাৰ হালধিবাৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্রাকত বলেৰ’ পিকআপ ভেনে খুন্দা মৰাৰ ফলতেই এই পথ দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

যাৰ ফলত থিতাতে নিহত পিকআপ ভেনখনৰ দুজন আৰোহী। প্ৰথম অৱস্থাত নিহত দুজনৰ পৰিচয় উদ্ধাৰ হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

নিহতদ্বয় আজিজুৰ ৰহমান আৰু বিপ্রদেৱ কোচ বুলি জানিব পৰা গৈছে। লগতে সংকটজনক অৱস্থাত বাহনখনৰ চালকজনক চিকিৎসালয়লৈ প্রেৰণ কৰে আৰক্ষীয়ে।

নিহত বিপ্রদেৱ কোচৰ ঘৰ মেঘালয়ৰ তুৰাত আনহাতে আজিজুৰ ৰহমানৰ ঘৰ ধুবুৰীৰ মানকাচৰত বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: লিভ-ইন সম্পৰ্ক! বিয়া পাতিব বিচৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে প্ৰেয়সীক

road accident